Classifieds
View All
গুৱাহাটী, ২ জুলাইঃ মণিপুৰৰ নোনি জিলাৰ টুপুলত শনিবাৰে এটা ৰে'লনিৰ্মাণ ক্ষেত্ৰত ভূমিস্খলনৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে। লগতে, বিষয়াসকলে জনোৱা অনুসৰি, এতিয়াও ৩৮ জন লোক সন্ধানহীন হৈ আছে।
ইপিনে, উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ টুপুলত অধিক উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। ২৯ জুনত টুপুলত সংঘটিত দুৰ্যোগৰ পিছত সেনা, অসম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মি, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে।
এতিয়ালৈকে, ১৩ জন টেৰিটৰিয়েল আৰ্মী জোৱান আৰু পাঁচজন অসামৰিক লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। লগতে, ১৮ জন টেৰিটৰিয়েল আৰ্মীৰ জোৱান আৰু ৬ জন সাধাৰণ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
Comments