গুৱাহাটী, ২ জুলাইঃ শনিবাৰে মণিপুৰৰ টুপুলত ভূমিস্খলনত আৰু ৮ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে, ২২ জন টেৰিটৰিয়েল আৰ্মীৰ জোৱান আছে। আনহাতে ৪০ জনতকৈ অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
চৰকাৰী খবৰ অনুসৰি পশ্চিম মণিপুৰৰ টুপুলত নির্মাণধীন ৰে’ল আন্তঃগাঁথনিত ব্যাপক বোকা-পানীৰ ফলত ৮০ জনতকৈ অধিক লোকক জীৱন্ত অৱস্থাত সমাধিস্থ হোৱাৰ আশংকা কৰা হৈছে৷
বিষয়াসকলে জনোৱা মতে, সেনাই উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে ১৩ জন আহত টেৰিটৰিয়েল আৰ্মীৰ জোৱান আৰু ৫ জন সাধাৰণ নাগৰিকক উদ্ধাৰ কৰিছে, আৰু বিগত তিনিদিনৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহে পূৰ্ণ গতিত অভিযান চলাই আছে।
ইফালে, ভূমিস্খলনৰ ফলত নদীৰ ওপৰত সৃষ্টি হোৱা মথাউৰিটোত ভংগ হোৱাৰ সম্ভাৱনা থকাৰ বাবে ইজেই নদীৰ তলৰ অঞ্চলত বাস কৰা সাধাৰণ নাগৰিকক উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনে সতৰ্ক কৰি দিছে।
ননীৰ উপ-আয়ুক্ত হাউলিয়ানলাল গুইটে কয় যে, "ভূমিস্খলনৰ ফলত তামেংলং আৰু ননী জিলাৰ মাজেৰে বৈ যোৱা ইজেই নদীৰ গতিপথত বাধাৰ সৃষ্টি হৈছে, আৰু সাধাৰণ জনতাক বিশেষকৈ শিশুসকলক নদীখনৰ ওচৰলৈ নাযাবলৈ সতৰ্ক কৰি দিয়া হৈছে।
লগতে, ভূমিস্খলনৰ ফলত একাধিক পথ অৱৰোধ হোৱাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সাধাৰণ জনতাক যাতায়ত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
Comments