যোৰহাট ২ জুলাই: যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আজি বৰষুণৰ পানী সংৰক্ষণৰ দ্বাৰা ভূগৰ্ভৰ পানী পুনৰভৰণ( Ground Water Recharging)ৰ দ্বিতীয়টো প্ৰকল্প পুৰণা চিভিল হস্পিতালৰ চৌহদত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয় েমুকলি কৰে ।
অনুষ্ঠানত যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন,প্ৰাক্তন বিধায়ক হেমন্ত কলিতা উপস্হিত থাকে ৷ উল্লেখ্য যে,জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ তৎপৰতাত বৰষুনৰ পানী সংৰক্ষণ কৰি সেই পানী বিশুদ্ধকৰণৰ দ্বাৰা উপভোক্তাসকলক খোৱা পানী যোগান ধৰা কাৰ্যটো সফল হৈ উঠিছে৷ জিলাখনৰ মুঠ ১০ টা অব্যৱহৃত গভীৰ নলীনাদত এনেধৰণৰ বৈজ্ঞানীক পদ্ধতিৰে পানী সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি জিলা উপায়ুক্তই জানিবলৈ দিছে৷
এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মাৰ প্ৰচেষ্টাত ইতিমধ্যে যোৰহাট নগৰৰ মাজমজিয়াৰ নেহেৰু পাৰ্কস্থিত নলীনাদটোৰ পানী ভূগৰ্ভত সংস্থাপনৰ প্ৰথম প্ৰকল্পটো আৰম্ভ হৈছে আজি বিষ্টুৰাম বৰুৱা পুৰণা চিভিল হস্পিতালৰ চৌহদত স্থাপন কৰা আঁচনিখন সম্পূৰ্ণ ৰূপে দান হিচাপে আগবঢ়াই যোৰহাটৰ স্বৰ্গীয় নেমীচান্দ খেতানৰ সোঁৱৰণত ওমপ্ৰকাশ খেতান আৰু তেখেতৰ পৰিয়ালবৰ্গই ।
Comments