গুৱাহাটী,৩ জুলাই:পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কংগ্ৰেছ দলৰ পদত্যাগী নেতা কেপ্টেইন অমন্দিৰ সিঙে আগন্তুক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ মৰ্চাৰ প্ৰাৰ্থী হ'ব বুলি চর্চা চলিছে।
উল্লেখ্য যে ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ প্রায় এবছৰৰ পূৰ্বে অমৰিন্দৰ সিঙক অপসাৰণ কৰা হৈছিল। তেতিয়াই কংগ্ৰেছ দল ত্যাগ কৰি নিজাকৈ এটা দল গঠন কৰিছিল। পিছৰ পৰ্যায়ত নতুন দলটোৰ বেনাৰত বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। বিজেপিৰ সৈতে আসনৰ ভাগ বটোৱাৰা কৰি নিৰ্বাচন খেলিলেও জয়ৰ মুখ দেখিবলৈ সক্ষম নহ'ল। ৰাজ্যখনত আম আদমী পাৰ্টীয়ে বৃহৎ বিজয় সাব্যস্ত কৰাৰ লগতে চৰকাৰ গঠন কৰিছে। কিন্তু তেতিয়াৰ পৰাই বিজেপিৰ সৈতে সু-সম্পর্ক বজাই ৰাখিছে।
আগন্তুক উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অমন্দিৰ সিঙে প্ৰতিদ্বন্দ্বিতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি চৰ্চিত হৈছে। কিন্তু বিজেপিয়ে তেওঁক নিজৰ দলত যোগদানৰ পৰামৰ্শ দিয়া বুলি কোৱা হৈছে। সেয়েহে বিজেপিত যোগদান কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ হাবিয়াস কৰা বিষয়টো এতিয়া সংবাদ মাধ্যমত আলোকিত হৈছে। ইফালে পঞ্জাৱ লোক কংগ্ৰেছ দল গঠন কৰা অমন্দিৰে কেবল নিজে বিজেপিলৈ আহিব নে গোটেই দলটোকে বিজেপিত চামিল কৰোৱাব সেই বিষয়টো আলোচনা পর্যায়তে আছে। অহা ৬ আগষ্টত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ইতিমধ্যে নির্বাচন আয়েগে অহা পাঁচ জুলাই তাৰিখে এই সম্পৰ্কীয় নির্দেশনা জাৰি কৰিব।
অহা ১৯ জুলাই তাৰিখে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ২২ জুলাই তাৰিখে মনোনয়ন পত্র প্রত্যাহাৰ কৰিব পাৰিব। অহা দহ আগষ্ট তাৰিখে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ কাৰ্যকাল সমাপ্ত হ’ব৷ গতিকে ইয়াৰ পূৰ্বেই পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি এগৰাকী নিৰ্বাচিত কৰিবৰ বাবে ইতিমধ্যে পদক্ষেপ লোৱা দেখা গৈছে। উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দেশত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া অব্যাহত আছে। অহা ১৮ জুলাই তাৰিখে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ২১ জুলাই তাৰিখে ভোট গণনা আছে। দেশৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি দুয়োগৰাকীৰ নিৰ্বাচন সমসাময়িকভাৱে অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰক্ৰিয়া আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে সমাপ্ত হ’ব।
Comments