গুৱাহাটী,৩ জুলাই:মহাৰাষ্ট্ৰ প্ৰদেশৰ অমৰাৱতী জিলাত যোৱা ২১ জুন তাৰিখে ৫৪ বয়সীয়া এজন ৰসায়ণ বিজ্ঞানীক হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ তদন্ত কৰাত মহাৰাষ্ট্ৰৰ তদানীন্তন চৰকাৰ ব্যৰ্থ হ'ল। মূলতঃ তদন্তকাৰ্য খৰতকীয়া কৰা নহ'ল। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি বিজেপিৰ মুখপাত্র নূপুৰ শৰ্মাক সমৰ্থন কৰি সংশ্লিষ্ট লোকজনে নিজৰ ফেচবুকৰ জৰিয়তে অভিমত প্ৰকাশ কৰিছিল। ইয়াৰ বাবেই হত্যাৰ বলি হৈছিল ব্যক্তিজন। ইফালে এই ঘটনা শেহতীয়াকৈ পুনৰ চৰ্চিত হৈ পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে উমেশ কুলহী নামৰ উক্ত ব্যক্তিজনৰ হত্যাৰ তদন্ত নিয়াৰ হাতত অপৰ্ণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে অমৰাৱতী হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব আনুষ্ঠানিকভাৱে নিয়াক অৰ্পণ কৰাৰ পিছৰে পৰা বিষয়টো অধিক চৰ্চিত হৈ পৰিছে।
এই হত্যাকাণ্ডত এক গভীৰ ষড়যন্ত্র লুকাই থকা বুলি কেন্দ্রীয় গৃহমন্ত্রালয়ে আশংকা কৰিছে। লগতে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনোবা দল বা সংগঠন জড়িত হৈ আছে নেকি সেই বিষয়টো উন্মোচিত হৈ পৰিব তদন্তৰ জৰিয়তেহে। প্রণিধানযোগ্য এয়ে যে ইতিপূর্বে এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত ছজন লোক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে আটাইকেইজনকে নিজৰ জিম্মাত লৈ সোধাপোছা অব্যাহত ৰাখিছে।
ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২, ১২০(খ) আৰু ৩৪ আৰোপ কৰি গোচৰ পঞ্জীয়ন কৰা হৈছে। অমৰাৱতীৰ উপ-আৰক্ষী আয়ুক্ত বিক্ৰম ছালিয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এই হত্যাকাণ্ডৰ সৈতে বিভিন্ন পক্ষ জড়িত থকাৰ সন্দেহ ঘনীভূত হৈছে। গতিকে তদন্তৰ জৰিয়তে সকলো অপৰাধী চিনাক্ত হ’ব বুলি আৰক্ষী বিষয়াজনে ব্যক্ত কৰিছে।
মৃত উমেশৰ পুত্ৰ সংকেতে আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰিছিল। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ২১ জুনৰ নিশা নিজৰ কৰ্তব্যস্থলীৰ পৰা দুচকীয়া বাহনেৰে তেওঁৰ পিতৃ ঘৰলৈ আহি আছিল। সংকট আৰু তেওঁৰ পত্নী আছিল অন্য এখন দুচকীয়া বাহনত। কিন্তু মাজপথত উমেশৰ বাহনখন আগুৰি ধৰে দুজন ব্যক্তিয়ে। উমেশক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু গুৰুতৰভাৱে জখম কৰি ব্যক্তি দুজন আঁতৰি যায়। লৰালৰিকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইফালে স্থানীয় আৰক্ষীয়ে এই ঘটনা সঠিকভাৱে তদন্ত নকৰাৰ অভিযোগ উঠিছে। সেয়েহে, দহ দিনতকৈ অধিক সময় পাৰ হ'ল যদিও দোষী চিনাক্ত নহ'ল।
কিন্তু ৰাজস্থানৰ উদয়পুৰত কানহায়ালাল নামৰ এজন দৰ্জী হত্যা কাণ্ডৰ বলি হ'ল নূপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে। মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ বাসিন্দাজনেও নূপুৰ শৰ্মাক সমৰ্থন কৰি মুছলমান মৌলবাদীৰ আক্ৰমণৰ বলি হ'ল বুলি স্থানীয় সংবাদ মাধ্যমত শেহতীয়াকৈ চৰ্চিত হৈছে। গতিকে ৰাজস্থানৰ উদয়পুৰৰ ঘটনাৰ পিছতে অমৰাৱতীৰ হত্যাকাণ্ডৰ বিষয়টোৱে নতুন মাত্রা পোৱা দেখা গৈছে।
Comments