গুৱাহাটী,৩ জুলাই:মহাৰাষ্ট্ৰত নতুনকৈ গঠন হোৱা সিন্দে চৰকাৰৰ আজি সদনৰ প্ৰথমটো অগ্নিপৰীক্ষা। আজি অনুষ্ঠিত হ'ব বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন । বিসম্বাদ আৰম্ভ হোৱাৰ পছত মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনত শিৱসেনাৰ দুয়োটা গোট আকৌ এবাৰ মুখামুখি হ'ব । বিসম্বাদ আৰম্ভ হোৱাৰ পছত মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনত শিৱসেনাৰ দুয়োটা গোট আকৌ এবাৰ মুখামুখি হ'ব । শিৱসেনাৰ সভাপতি উদ্ধৱ ঠাকৰেয়ে ৰাজেন চালভিক অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আনহাতে বিজেপিৰ যুৱ নেতা তথা প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা ৰাহুল নাৰ্ভেকাৰে অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিছে ।
এই নিৰ্বাচনত শিৱসেনাৰ সভাপতি উদ্ধৱ ঠাকৰেয়ে এটা হুইপ জাৰি কৰিছিল । কিন্তু মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে কয় যে তেওঁলোকৰ বাবে সেয়া প্ৰযোজ্য নহয় । ৰাজ্যখনত চৰকাৰ পৰিৱৰ্তনৰ পিছত আহ্বান কৰা বিধানসভাৰ দুদিনীয়া বিশেষ অধিৱেশনৰ পূৰ্বে শিৱসেনাৰ সভাপতি উদ্ধৱ ঠাকৰে শিবিৰৰ হুইপ সুনীল প্ৰভুৱে জাৰি কৰিছে । হুইপ মতে, বিধানসভাৰ বিশেষ অধিৱেশন ৩-৪ জুলাইত হ'ব ।ৰাজেন চালভি বিধানসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী । এই সময়ছোৱাত, শিৱসেনাৰ সকলো সদস্য সদনত উপস্থিত থাকিব লাগিব । কংগ্ৰেছে পূৰ্বৰ চৰকাৰৰে এজনক এই পদৰ বাবে দাবী জনাইছে । নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিকে ধৰি তিনিটা দলেৰে গঠিত মিত্ৰজোঁটৰ মাজত আলোচনাৰ পিছতে শিৱসেনাৰ প্ৰাৰ্থীক অধ্যক্ষ পদৰ বাবে সমৰ্থন জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে ।
ইফালে একনাথ সিন্দে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে যদিও ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে তেওঁক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিছে । ৰাজ্যপালে দুদিনীয়া বিশেষ অধিৱেশনৰো আহ্বান জনাইছে । বিধানসভাৰ অধিৱেশন দেওবাৰে আৰু সোমবাৰে অনুষ্ঠিত হ'ব । লক্ষণীয়ভাৱে অধ্যক্ষ নিৰ্বাচনক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াও অব্যাহত আছে । কংগ্ৰেছ দলে এই নিৰ্বাচনৰ তীব্ৰ বিৰোধিতা কৰিছে ।
আদালতত গোচৰ চলি থকা পাছতো নতুন চৰকাৰৰ বাবে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছ দলে ।বিজেপিৰ এমএলচি প্ৰবীণ দাৰেকাৰে দাবী কৰে যে সংখ্যাৰ ফালৰ পৰা দলৰ প্ৰাৰ্থী নাৰ্ভেকাৰে সহজে অধ্যক্ষ নিৰ্বাচনত জয়ী হ'ব । কংগ্ৰেছ নেতা নানা পাটোলে আছিল অন্তিমগৰাকী অধ্যক্ষ, যি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ নেতৃত্বত এমভিএ চৰকাৰ শাসনলৈ অহাৰ পিছত ২০১৯ চনৰ শেষৰ ফালে নিৰ্বাচিত হৈছিল । অৱশ্যে, ২০২১ চনৰ ফেব্ৰুৱাৰীত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পাছত পাটোলে পদত্যাগ কৰে আৰু তেতিয়াৰ পৰাই এনচিপিৰ উপ-সভাপতি নাৰহাৰী জিৰৱালে অধ্যক্ষ হিচাপে কাম কৰি আছে ।
Comments