গুৱাহাটী,৩ জুলাই:একনাথ সিন্দেই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ কেইদিনমান পিছতে দেওবাৰে বিজেপি বিধায়ক ৰাহুল নাৰ্ভেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় । পুৱা ১১ বজাত সদনৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ পিছত অনুষ্ঠিত হয় নিৰ্বাচন। নাৰ্ভেকাৰে বিধানসভাত ১৬৪ টা ভোট লাভ কৰে। তেওঁ শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী সেনাৰ বিধায়ক আৰু উদ্ধৱ ঠাকৰেৰ অনুগত ৰাজেন চালভিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল ।প্ৰথমবাৰৰ বাবে বিজেপি তথা কোলাবাৰ বিধায়ক নাৰ্ভেকাৰে সেনাৰ বিধায়ক আৰু উদ্ধৱ ঠাকৰেৰ অনুগত চালভিক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ।
ইপিনে,মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেও নিৰ্বাচনত ভোট দান কৰে ।অৱশ্যে সমাজবাদী পাৰ্টি (এছপি)য়ে বিজেপি প্ৰাৰ্থী নাৰ্ভেকাৰৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত থাকে ।
ইয়াৰে দুয়োজন বিধায়ক আবু আজমী আৰু ৰইছ শ্বেখ মুৰ গণনাৰ সময়ত বহি থাকে। ইপিনে, এআইএমআইএমৰ বিধায়কসকলেও ভোটদানৰ পৰা বিৰত থাকে ।ভোটদানৰ পিছত বিধানসভাৰ উপাধ্যক্ষ নৰহৰি সীতাৰাম জিৰৱালে কয় যে শিৱসেনাৰ বিধায়কসকলে হুইপৰ বিৰুদ্ধে ভোট দিছিল । সকলো প্ৰক্ৰিয়া ভিডিঅ' ৰেকৰ্ড কৰা হৈছে । যিসকলে দলৰ হুইপৰ বিৰুদ্ধে ভোট দিছে তেওঁলোকৰ নাম লিপিবদ্ধ কৰা হ'ব ।
Comments