গুৱাহাটী,৩ জুলাই:তেলেংগানাৰ হায়দৰাবাদত অচিৰেই এটি অসম ভৱন নিৰ্মাণ হৈ উঠিব আৰু অহা বছৰত ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। হায়দৰাবাদত প্ৰৱাসী অসমীয়াসকলে আয়োজন কৰা অসম সন্মিলন নামৰ এক অনুষ্ঠানত এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰৱাসী অসমীয়াসকলৰ হৈ অসমীয়া সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে হায়দৰাবাদত আগন্তুক দিনবোৰত, বছৰত এটা দিন অসম দিৱস হিচাপে পালন কৰাৰ বাবে প্ৰচেষ্টা গ্রহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
প্রণিধানযোগ্য যে অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ হৈ সভাপতি পলাশ বৰুৱাই দীৰ্ঘদিন ধৰি চহৰখনত এটা অসম ভৱন নিৰ্মাণৰ লগতে মণিকূটসহ এটি নামঘৰ প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ হৈ সভাপতি পলাশ বৰুৱাই হায়দৰাবাদত আগন্তুক দিনবোৰত মণিকূটসহ এটি নামঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰে।
উল্লেখ্য যে হায়দৰাবাদত অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ সহযোগত একত্ৰিতভাৱে অসমীয়া কলা-কৃষ্টি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এটি নামঘৰৰ প্ৰয়োজনীয়তা আছে। তদুপৰি অসমৰ পৰা পঁচিছশ কিল'মিটাৰ দূৰত থকা অসমীয়াসকলে বিহুৱে সংক্রান্তিয়ে ঘৰলৈ আহি নামঘৰত মূৰ দোৱাবলৈও অসুবিধা পায়। গতিকে হায়দৰাবাদত এটি নামঘৰ স্থাপন কৰিবলৈ এটুকুৰা মাটিৰ ব্যৱস্থা কৰিবলৈও দাবী উত্থাপন কৰিছে পলাশ বৰুৱাই।
Comments