Classifieds
View All
গুৱাহাটী,৩ জুলাই:আজি চাৰ্ভ স্মাইল ফাউণ্ডেশ্যনৰ সহযোগত ৰঙিয়াৰ বানবিধ্বস্ত ঠাই ধেপাৰগাওঁ আৰু বগৰীবাৰীত বান সাহায্য প্ৰদান কৰা হয় । গুৱাহাটীৰ পৰা অহা বেচৰকাৰী সংস্থাটোৱে ঠাই দুখনৰ ক্ষতি হোৱা অঞ্চল পৰিদৰ্শন কৰে আৰু বানে ক্ষতি কৰা গঞা ৰাইজক কিঞ্চিৎ সহায় কৰে ।
তেখেতসকলে প্ৰায় ৩০০ টা পৰিয়ালক বান সাহায্য হিচাপে চাউল, দাইল, চিৰা, নিমখ, তেল, চাবোন, মম, পানী বটল, নেপকিন, বিস্কুট আদি প্ৰদান কৰে । সাহায্য বিতৰণৰ কাৰ্যসূচীত ৰঙিয়া মহাবিদ্যালয়ৰ ১০ গৰাকীমান ছাত্ৰ ছাত্ৰীয়ে স্বেচ্ছাসেৱক হিচাপে শ্ৰম দান কৰে লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিতুল কলিতা, অৰ্ণব বৰ্মন, মুনিফ ইকবালে বানসাহায্য প্ৰদানত ৰাইজ আৰু চাৰ্ভ স্মাইল ফাউণ্ডেশ্যনৰক সহযোগ কৰে।
Comments