গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুলাই ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মণিপুৰৰ ভূমি…লনত মৃত্যু হোৱা লোকৰ উদ্ধাৰ অভিযানৰ তদাৰক কৰি থকা জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা কাইলৈ অসমলৈ উভতি আহিব৷
উল্লেখযোগ্য যে মণিপুৰৰ টুপুলত সংঘটিত ভূমি…লনৰ ঘটনাত অসমৰ বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে৷ শোকাৱহ এই ঘটনাত অসমৰ শ্ৰমিককে ধৰি সেনা জোৱানো মৃত্যু হোৱাৰ খবৰ পোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মণিপুৰৰ ঘটনাস্থলীত উপস্থিত হৈছিল মন্ত্ৰী হাজৰিকা৷
মৰিগাঁও জিলাৰ উদ্ধাৰ হোৱা শ্ৰমিকৰ মৃতদেহ নিজ ঘৰলৈ প্ৰেৰণ কৰাৰ তদাৰক কৰাৰ পাছত আজি ই¥£লৰ ৰিজিঅ’নেল ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্সত চিকিৎসাধীন হৈ থকা শ্ৰমিকৰ স্বাস্থ্যৰ বুজ লয়৷ উল্লেখযোগ্য যে মণিপুৰৰ টুপুলত হোৱা ভয়াৱহ ভূমি…লনৰ ঘটনাত অসমৰ প্তজন লোক জীৱন্তে উদ্ধাৰ হৈছিল৷
এই লোকসকলৰ ভিতৰত তিনিজন চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল৷ আজি চিকিৎসাধীন তিনিওজন লোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় মন্ত্ৰী হাজৰিকাই৷ বৰ্তমানে পাঁচোজনৰে অৱস্থা সুস্থিৰ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে মন্ত্ৰী হাজৰিকাই কাইলৈ এয়াৰ এছিয়ান বিমানযোগে কাইলৈ দিনৰ ১১-১৫ বজাত সুস্থ হৈ উঠা প্তজন লোকক লৈ অসমলৈ উভতিব৷
ভূমি…লনৰ ঘটনাত উদ্ধাৰ অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত অসমৰ আন কোনো লোকৰ মৃতদেহ উদ্ধাৰ হ’লে অসমলৈ মণিপুৰ চৰকাৰে যাতে প্ৰেৰণ কৰে তাৰ ব্যৱস্থাও মন্ত্ৰী হাজৰিকাই কৰি আহিব বুলি জানিব পৰা গৈছে৷
মণিপুৰৰ পৰা কাইলৈ গুৱহাটীলৈ উভতি অহাৰ প্ৰাক্মুহূৰ্তত মন্ত্ৰী হাজৰিকাই আজি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সৌজন্যমূলক সাক্ষাৎ কৰি ভূমি…লনত ক্ষতিগ্ৰস্ত অসমৰ লোকসকলক উদ্ধাৰ আৰু চিকিৎসাৰ বাবে মণিপুৰ চৰকাৰে গ্ৰহণ কৰা তাৎক্ষণিক পদক্ষেপৰ শলাগ লয়৷ মন্ত্ৰী হাজৰিকাই মণিপুৰৰ মুখ্যমন্ত্ৰীজনক সাক্ষাৎ কৰি আন্তৰিক ধন্যবাদ জনোৱাৰ সময়ত মণিপুৰৰ স্বাস্থ্য মন্ত্ৰী স্বপন ৰঞ্জনো উপস্থিত আছিল৷
Comments