শিলচৰ ঃ নিজা বাতৰি দিওঁতা, ৩ জুলাই ঃ এইবাৰ দুই ডকাইতক এনকাউণ্টাৰ৷ শিলচৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে ২ ডকাইতক৷ দুদিনৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল তিনিটা ডকাইত৷ কাছাৰত সংঘটিত বিভিন্ন ডকাইতিৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল৷
আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰৰ মতে, শেহতীয়াকৈ কাছাৰত বানৰ সময়ত যিমানবোৰ চুৰি-ডকাইতি সংঘটিত হৈছিল, সেই সকলোবোৰ ঘটনাত মৃত্যু হোৱা ডকাইতকেইটা জড়িত আছিল৷ যোৱা শুকুৰবাৰে যোৰাবাট আৰক্ষীয়ে ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰিছিল৷ শনিবাৰে যোৰাবাটৰ পৰা শিলচৰলৈ গৈ থকা অৱস্থাত সোণাপুৰত যান-জঁটৰ বাবে গাড়ীখন ৰখাইছিল কাছাৰ আৰক্ষীয়ে৷
সেই সময়ত দুয়োটা ডকাইতে পলাই যোৱাৰ চেষ্টা কৰিছিল৷ তেতিয়া আৰক্ষীয়ে ডকাইত দুটালৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ ইয়াৰ পাছতে শিলচৰ আৰক্ষীয়ে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োটা ডকাইতকে মৃত বুলি ঘোষণা কৰে৷
দেওবাৰে আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে সদৰ থানাত এখন সংবাদমেল আহ্বান কৰি সাংবাদিকসকলক এই সন্দৰ্ভত সবিশেষ জনায়৷ ৰমনদীপে কয় যে নিহত ডকাইত দুটাৰ নাম কমৰুল ইছলাম ওৰফে লেকাই, বয়স ৩৫ বছৰ, ঘৰ সোণাইৰ ছৈয়দপুৰ চতুৰ্থ খণ্ডত৷
আনটো হ’ল আবুল হুছেইন বৰভূঞা ওৰফে আবু, বয়স চ্ছ বছৰ, ঘৰ উত্তৰ কৃষ্ণপুৰ দ্বিতীয় খণ্ডত৷ ধৃত আনটো ডকাইতৰ নাম আনোৱাৰা হুছেইন লস্কৰ ওৰফে অপু, বয়স ২৩ বছৰ, ঘৰ সোণাইৰ সোণাবাড়িঘাট দ্বিতীয় খণ্ডত৷
Comments