লণ্ডন, ৩ জুলাই ঃ শক্তিশালী নাটক আচহুৱা স্থানত অভিনয় কৰোৱাত পাৰদৰ্শী তথা বিশ্বৰ আটাইতকৈ উদ্ভাৱনীমূলক নাট পৰিচালকসকলৰ অন্যতম পিটাৰ ব্ৰুকৰ মৃত্যু হৈছে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৭ বছৰ৷
দেওবাৰে তেওঁৰ প্ৰকাশকে এই কথা জনায়৷ ব্ৰিটিছ এই পৰিচালকজনে বিশ্বক তেওঁৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিছিল৷ তেওঁ মঞ্চস্থ কৰাইছিল শ্বেইক্সপীয়েৰৰ পৰা হিন্দু মহাকাব্যৰ প্ৰত্যাহ্বানমূলক সংস্কৰণ৷
তেওঁ মহাভাৰতৰ নাট্যৰূপ বিশ্বৰ বিভিন্ন ঠাইত মঞ্চায়ন কৰিছিল৷ ব্ৰুকে বিশ্বৰ বিভিন্ন নগৰত শৰীৰ চৰ্চা কেন্দ্ৰ [জিমনেছিয়াম], পৰিত্যক্ত কাৰখানা, শিলৰ কোৱেৰী, বিদ্যালয় আৰু পুৰণি গেছৰ কাৰখানাত নাটক অভিনয় কৰোৱাইছিল৷ দুবাৰৰ টনি এৱাৰ্ড বিজয়ী তথা কেইবাদশকৰ আগেয়ে ফ্ৰান্সত ঘৰ কৰা ব্ৰুকে তেওঁৰ নিজৰ নাটক ‘লৰ্ড অব্ দ্য ফাইল্ছ’ৰ অভিযোজনাৰ চলচ্ছিত্ৰখনো পৰিচালনা কৰিছিল৷
তেওঁক ২০২১ চনত পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰা হৈছিল৷ ১৯২৫ চনৰ ২১ মাৰ্চত লণ্ডনত জন্মগ্ৰহণ কৰা ব্ৰুকৰ পিতৃ আছিল এটা কোম্পানীৰ সঞ্চালক আৰু মাতৃ এগৰাকী বিজ্ঞানী৷ তেওঁ ১৬ বছৰ বয়সত বিদ্যালয় ত্যাগ কৰি এটা ফিল্ম ষ্টুডিঅ’ত কাম কৰিছিল৷ পাছত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়লৈ গৈ ইংৰাজী আৰু বিদেশী ভাষাত স্নাতক ডিগ্ৰী লৈছিল৷
১৯৭০ চনত তেওঁ কাম কৰিবৰ বাবে ব্ৰিটেইনৰ পৰা পেৰিছলৈ যায়৷ ইয়াতে ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ থিয়েটাৰ ৰিছাৰ্চ প্ৰতিষ্ঠা কৰি বহু ৰাষ্ট্ৰৰ অভিনেতা আৰু ডিজাইনাৰক একেখন মঞ্চলৈ আনে৷ ব্ৰুকে নব্বৈ বছৰ পাৰ কৰাৰ পাছতো কাম কৰি আছিল৷
২০১৭ চনত প্ৰকাশ কৰা তেওঁৰ গ্ৰন্থ ‘টিপ অব্ দ্য টাং’-অত তেওঁ কৈছে, ‘সকলো ধৰণৰ নাটকৰে চিকিৎসকৰ ওচৰলৈ যোৱাৰ সৈতে কিবা এটা সাদৃশ্য আছে৷ ভিতৰত সোমোৱাতকৈ বাহিৰলৈ ওলাওঁতে প্ৰতিজনে আগতকৈ ভাল অনুভৱ কৰা উচিত৷’ ফ্ৰান্সৰ সংবাদ মাধ্যমে জনোৱা মতে, শনিবাৰে পেৰিছত ব্ৰুকৰ মৃত্যু হয়৷
Comments