বোকাখাত ঃ নিজা বাতৰি দিওঁতা, ৩ জুলাই ঃ ‘কৃষি অৰ্থনীতিৰ জৰিয়তে স্বনিয়োজনৰ আঁচনি গঢ়িব বিচাৰিছোঁ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৃষি আৰু আনুষংগিক বস্তুৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ যিহেতু অসমত ডাঙৰ উদ্যোগ নাই, সেয়েহে গ্ৰাম্য অৰ্থনীতিৰ ভেটি আমি শক্তিশালী কৰিব পাৰিব লাগিব৷
ৰাজ্যখনত বানপানীয়ে বড়ো, আৰ্লি আহু, শাক-পাচলিৰ বহুতখিনি ক্ষতি কৰিছে৷ বোকাখাতত বৰ্তমানলৈকে সাংঘাতিক বানপানী হোৱা নাই যদিও ২০ খন গাঁৱত অলপ ক্ষতি হৈছে৷ নহ’ব বুলিও ক’ব নোৱাৰোঁ৷ প্ৰকৃতি সাংঘাতিকধৰণে সলনি হৈছে৷ যোৱাবাৰ বানৰ পৰিৱতেৰ্ আমি খৰাং দেখিলোঁ৷ আমি সমগ্ৰ ৰাজ্যখনতে সমূহীয়া নাৰ্ছাৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ৷
ইয়াত আত্মসহায়ক গোট জড়িত হৈছে৷ এনে ধৰণৰ কমিউনিটি নাৰ্ছাৰীৰ পৰা বানাক্ৰান্ত লোকসকল উপকৃত হ’ব৷ নগাঁও,কাছাৰ, বৰপেটা, ধুবুৰী আদি জিলাত বিস্তৰ ক্ষতি হৈছে৷ সেয়েহে, কমিউনিটি নাৰ্ছাৰীৰ উপৰি কিছুমান ফ্লাড টলাৰেণ্ট ভেৰাইটি, শ্বৰ্ট ডিউৰেশ্যন ভেৰাইটি আমি কৃষকক যোগান ধৰিব বিচাৰিছোঁ৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ প্ৰতিখন জিলাতে একো একোগৰাকী মন্ত্ৰীক দায়িত্ব দিছে ,য’ত বেছি বানপানী হৈছে বান সাহায্য চাবৰ বাবে৷ ঠিক সেই মতে পাইছেনে নাই, সাহায্য বিতৰণত খেলি-মেলি নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে উপায়ুক্তসকলৰ সৈতে সভা পাতি সতৰ্ক কৰি দিছে৷
সামগ্ৰী চৰকাৰে দিয়াত কৃপণালি কৰা নাই কিন্তু বিলনীয়াই হাত ধৰিব নালাগে৷ চৰকাৰে যিখিনি ব্যৱস্থা কৰিছে সেইখিনি যাতে সময়মতে পায় তাৰ কাৰণে মন্ত্ৰীসকলে চোকা দৃষ্টি ৰাখিব লাগে৷’ আজি বোকাখাতৰ পাণবাৰী কৃষিপাম নিগমত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই নিজে ট্ৰেক্টৰেৰে মাটি চহাই কঠীয়া সিঁচি সাংবাদিকৰ আগত এনেদৰে কয়৷
বোকাখাতৰ বানাক্ৰান্ত কৃষকসকলৰ বাবে সমূহীয়া কঠীয়াতলী প্ৰস্তুত কৰি আৰ কে ভি ওৱাই আঁচনিৰ জৰিয়তে বোকাখাত মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত সূৰ্যমুখী আত্মসহায়ক গোটৰ সহযোগত পাণবাৰী কৃষি পাম নিগমত ২০ হেক্টৰ মাটি, ৰৌদুৱাৰ পথাৰ আৰু বোকাখাত মহকুমাধিপতি কাৰ্যালয় চৌহদত ২০ হেক্টৰ মাটিত কঠীয়াতলী প্ৰস্তুত কৰা হৈছে৷
গোলাঘাট জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই এই প্ৰতিবেদকক জানিবলৈ দিয়ে যে বোকাখাত মহকুমাৰ বাবে ৪০ হেক্টৰ মাটিত কঠীয়া পৰাৰ ব্যৱস্থা কৰা হৈছে৷ বাহাদুৰ ছাব ওৱান কঠীয়া অনা হৈছে৷ ইফালে এই উপলক্ষে আয়োজিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই৷ মন্ত্ৰী অতুল বৰাৰ উপৰি মহকুমাধিপতি ডাঃ নেহা যাদৱ, বিজেপি গোলাঘাট জিলাৰ সভাপতি দেৱ প্ৰদীপ বৰাই বক্তব্য আগবঢ়ায়৷
উপস্থিত থাকে বোকাখাত মণ্ডল বিজেপিৰ সভাপতি জীৱেশ্বৰ হাজৰিকা, অসম চাহ পৰিষদৰ সম্পাদক ভাস্কৰ কালিন্দী, খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ, কৃষি বিষয়া বৈচিত্ৰ্য হাতমুচা আদি৷ অনুষ্ঠানৰ আঁত ধৰে ৰূপজ্যোতি ভৰালীয়ে৷ ইয়াৰ আগতে মন্ত্ৰী অতুল বৰাই ৩৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উত্তৰ-পূব কাজিৰঙাৰ কাৰ্যালয় গৃহৰ দ্বাৰ উদ্ঘাটন কৰে৷
Comments