লাহৰীঘাট ঃ নিজা বাতৰি দিওঁতা, ৩ জুলাই ঃ মণিপুৰৰ ননী জিলাৰ টুপুলত সংঘটিত ভয়ংকৰ ভূমি…লনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলী অঞ্চলৰ আজি পৰ্যন্ত জ্জজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ আজি চ্ছ্ৰজন শ্ৰমিকৰ নশ্বৰ দেহ স্ব-গৃহলৈ অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷
আজি অঞ্চলটোৰ খোৰাগোসাঁই বড়ি গাঁৱৰ গোপাল ফুকন, পল্লৱ লৰম, লাউভুৰুঙ্গা গাঁৱৰ হৰমোহন ডেকা আৰু কোচকাটি গাঁৱৰ দীপাংকৰ বৰদলৈৰ মৃতদেহ স্ব-গৃহ তথা খোৰাগোসাঁই বড়ি মণিপুৰৰ পৰা দুখন এম্বুলেঞ্চেৰে আহি পোৱাৰ লগে লগে পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰে৷
উল্লেখযোগ্য যে আবেলি নশ্বৰ দেহ অহাৰ লগে লগে পূৰ্বৰে পৰা খোৰাগোসাঁই বড়িত সমবেত হৈ থকা মৃত শ্ৰমিককেইগৰাকীৰ পৰিয়ালৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ হৈ লাহৰীঘাটৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচু, ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণি
লাহৰীঘাট উন্নয়ন খণ্ডৰ বিষয়া মণিকা দাস ৰংহাং, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ, অগপৰ মৰিগাঁও জিলাৰ সভাপতি শান্তনু শৰ্মাকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে সমূহীয়াভাৱে মৃত শ্ৰমিককেইগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়৷
ইয়াৰ পাছতে পুনৰ শ্ৰমিককেইগৰাকীৰ মৃতদেহ এম্বুলেঞ্চেৰে কুশতলী ৰাজহুৱা শ্মশানলৈ লৈ যোৱা হয় আৰু শ শ লোকৰ উপস্থিতিত চাৰিওগৰাকী শ্ৰমিকৰ মৃতদেহ একে স্থানতে চাৰিখন চিতাত সৎকাৰ কৰা হয় ৷
এই সৎকাৰস্থলীত মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনকে ধৰি স্থানীয় প্ৰশাসনৰ বিষয়ববীয়াসকলো উপস্থিত থাকে৷ উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে অঞ্চলটোত এনেদৰে একেলগে চাৰিখনকৈ চিতা জ্বলাই সমগ্ৰ কুশতলীৰ ৰাইজে শোকত স্তব্ধ হৈ পৰিছে৷
ইফালে কাইলৈ বগীয়ান্ত ফুকন আৰু মমিন ডেকাৰজাৰ মৃতদেহ স্ব-গৃহলৈ অহাৰ সম্ভাৱনা আছে৷ ইফালে টুপুলত সেনা বাহিনীয়ে উদ্ধাৰকাৰ্য চলাই আজি অঞ্চলটোৰ খোৰাগোসাঁইবড়িৰ দেৱজিৎ ফুকনৰ মৃতদেহ উদ্ধাৰ কৰাত এই পৰ্যন্ত অঞ্চলটোৰ আৰn জ্ঝজন শ্ৰমিক সন্ধানহীন হৈছে৷ বৰ্তমান অঞ্চলটোৰ জ্জগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ইয়াৰে আজি চ্ছ্ৰগৰাকীৰ মৃতদেহ স্ব-গৃহলৈ লৈ আনে৷
ইফালে চিকিৎসাধীন অৱস্থাত থকা মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন, জোন বসুমতাৰী আৰু প্ৰহ্লাদ বসুমতাৰী সুস্থ হোৱাত কাইলৈ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে স্ব-গৃহত উপস্থিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে টুইটযোগে সদৰী কৰিছে৷ অৱশ্যে, আজি মৃতদেহ আহি পোৱাৰ পূৰ্বে ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত হয় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী৷
Comments