যোৰহাট ঃ ষ্টাফ ৰিপ’ৰ্টাৰ,v৩ জুলাই ঃ দৈনিক জনমভূমি আৰু জনমভূমি [সাপ্তাহিক]ৰ সম্পাদক তথা ৰাজ্যৰ এজন বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী উৎপল বৰুৱালৈ আগবঢ়োৱা হৈছে ৰ’দালি সামাজিক-সাংস্কৃতিক গোষ্ঠী অসমৰ ‘সংবাদ ৰত্ন’ বঁটা৷
দীৰ্ঘদিন ধৰি অসমৰ সংবাদ সেৱাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত বৰুৱাক চলিত বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব৷ সাংবাদিকতাৰ লগে লগে জাতীয়তাবাদী ভাবধাৰাৰ লিখনীৰে নিজস্ব এক পৰিচয় সৃষ্টি কৰা বিশিষ্ট লেখকগৰাকীয়ে কেইবাখনো গ্ৰন্থ অসমৰ ৰাইজক উপহাৰ দিছে৷
অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সমস্যা নিজস্ব লিখনীৰে জনতাৰ আগত দাঙি ধৰা বুদ্ধিজীৱীগৰাকীয়ে ‘অসমীয়া জাতিৰ ভৱিষ্যৎ’ আৰু ‘আলিমূৰৰ কেঁকুৰি’ গ্ৰন্থৰ জৰিয়তে প্ৰতিফলিত কৰিছে অসমৰ জাতীয় জীৱনৰ জ্বলন্ত সমস্যাসমূহ৷ চিন্তাৰ উদ্ৰেককাৰী প্ৰবন্ধৰ জৰিয়তে ৰাইজক সজাগ কৰি আহিছে বিশিষ্ট সাংবাদিকগৰাকীয়ে৷
আনহাতে, এইবাৰ ৰ’দালিয়ে বোলছবি, ধাৰাবাহিক, চুটি ছবি আৰু মিউজিক ভিডিঅ’ শিতানত যোগদান কৰাসকলৰ ভিতৰত বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তদুপৰি বিগত সময়সমূহৰ দৰে এইবাৰো ৰ’দালিৰ তৰফৰ পৰা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক তেওঁলোকৰ কৰ্মজীৱনৰ বাবে প্ৰদান কৰিব একো একোটি বিশেষ সন্মান৷
আনহাতে, বৰ্ষশ্ৰেষ্ঠ সাংবাদিক হিচাপে নিউজ লাইভৰ মৰিয়নিৰ সংবাদদাতা প্ৰাঞ্জল পাওগাম আৰু প্ৰাগ্ নিউজৰ গোৱালপাৰাৰ সংবাদদাতা যোগেন সূত্ৰধৰক প্ৰদান কৰা হ’ব৷
নাট্যৰত্নৰ সন্মান প্ৰদান কৰা হ’ব ৰ’দালি সামাজিক-সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট নাট্যকাৰ প্ৰয়াত নগেন নাথক৷ সংগীত ৰত্নৰ সন্মান জনপ্ৰিয় কণ্ঠশিল্পী তৃষ্ণা দেৱীক প্ৰদান কৰাৰ লগতে সমাজৰত্নৰ সন্মান প্ৰদান কৰা হ’ব বিশিষ্ট সমাজকৰ্মী বসন্ত খেতানক৷ এই বিষয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে ৰ’দালি সামাজিক-সাংস্কৃতিক গোষ্ঠীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু প্ৰচাৰ সম্পাদক ৰিঞ্জু দাস দেৱীয়ে৷
উল্লেখযোগ্য যে ২০০১ বৰ্ষত গুৱাহাটীৰ হেঙেৰাবাৰীৰ কালী মন্দিৰৰ প্ৰাংগণত ৰ’দালি সামাজিক-সাংস্কৃতিক গোষ্ঠীয়ে জন্ম লাভ কৰিছিল৷ ২০০২ বৰ্ষৰ পৰা ৰ’দালি গোষ্ঠীয়ে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ, বোলছবিক সামৰি বঁটা প্ৰদান আৰম্ভ কৰে৷
বৰ্তমান ৰ’দালি গোষ্ঠীয়ে অসমৰ ১৬খন জিলাত শাখা চলাই ইতিমধ্যে এক বহুল পৰিসৰ লাভ কৰিছে৷ বিগত বৰ্ষত ৰ’দালি বঁটা গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰদান কৰিছিল৷ এইবাৰ ৰ’দালি সামাজিক-সাংস্কৃতিক গোষ্ঠীয়ে ১৫সংখ্যক ৰ’দালি বঁটা উজনি অসমত প্ৰদান কৰিবলৈ প্ৰস্তুতি চলাইছে৷
Comments