গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুলাই ঃ শেহতীয়া বানে কেইবাখনো জিলা ১০য১২ দিনলৈ বুৰাই পেলোৱাৰ ফলত পাচলিৰ তীব্ৰ নাটনিয়ে দেখা দিছে৷ সৰ্বাধিক পৰিমাণৰ পাচলি উৎপাদন হোৱা দৰং, ওদালগুৰি, বাক্সা, বৰপেটা, শোণিতপুৰ আদি জিলা বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাত এতিয়া সেই জিলাসমূহৰ পৰা গুৱাহাটী বা আন জিলালৈ পাচলিৰ সৰবৰাহ প্ৰায় বন্ধ হৈ পৰিছে৷
যাৰ ফলত স্থানীয়ভাৱে উৎপাদিত কম পৰিমাণৰ পাচলিৰ লগতে শ্বিলঙৰ পৰা আমদানিকৃত পাচলিৰ দাম আকাশলংঘী হৈছে৷ অসমত উৎপাদিত পাচলিৰ নাটনি শ্বিলঙৰ পাচলিৰে পূৰ কৰিব লগা হোৱাত ব্যৱসায়ীসকলে নিজে নিজে নিৰ্ধাৰণ কৰিছে প্ৰতিবিধ পাচলিৰ দাম৷ আজিৰ বজাৰত প্ৰতি কিল’গ্ৰাম বিনৰ দামেই ২০০ টকা চুইছে৷
গুৱাহাটীয়েই নহয়, ৰাজ্যৰ ক’তো এতিয়া ২০০ টকাৰ লগত বিন পাবলৈ নাই৷ শ্বিলঙৰ বিনৰ ওপৰত নিৰ্ভৰ কৰিবলগা হোৱাত এতিয়া ৰাজ্যখনৰ সকলো বজাৰতে একে দামত বিক্ৰী হৈছে বিন৷
কেৱল বিনেই নহয়, শ্বিলঙৰ পৰা আমদানি হোৱা বন্ধাকবি, ফুলকবি, গাজৰ, ভেণ্ডি, তিয়ঁহ, বিলাহী আদি প্ৰায়বোৰ পাচলিৰ দাম এটা সপ্তাহত মাত্ৰাধিক হাৰত বৃদ্ধি পাইছে৷ ফুলকবি ১৩০ টকা, বন্ধাকবি ৭০১পৰা ৮০ টকা দৰত বিক্ৰী হৈছে৷
সেইদৰে জিকা ৭০ টকাৰ পৰা ৮০ টকা, তিযঁþহ ৬০ টকা, বিলাহী ৮০ টকা, তিতাকেৰেলা ৮০ টকা দৰত বিক্ৰী হৈছে৷ আলু-পিঁয়াজ ৩০ টকা দৰত বিক্ৰী হৈছে যদিও শ্বিলঙৰ পৰা আমদানি কৰা আলু ৪০ টকাৰ তলত পাবলৈ নাই৷ অৰ্থাৎ শ্বিলঙৰ পৰা আমদানি কৰা প্ৰতিবিধ সামগ্ৰীৰ দাম আ(ৰ্যকৰভাৱে বৃদ্ধি পাইছে৷
বানে শ্বিলঙত কোনো ক্ষতি কৰা নাই আৰু তাত পাচলি উৎপাদনত কোনো বাধা অহা নাই৷ কিন্তু অসমত বানে কৃষি খণ্ডত ব্যাপকভাৱে ক্ষতি কৰাৰ সুযোগ লৈছে শ্বিলঙৰ ব্যৱসায়ীয়ে৷
যিহেতু এই সময়ছোৱাত শ্বিলঙৰ পাচলিৰ ওপৰত নিৰ্ভৰ কৰিবলৈ অসম বাধ্য, সেয়ে শ্বিলঙৰ উৎসস্থলীতেই পাচলিৰ দাম বৃদ্ধি কৰা হৈছে৷ পাইকাৰী ব্যৱসায়ীয়ে শ্বিলঙতে দাম বৃদ্ধি কৰাত খুচুৰা ব্যৱসায়ীয়ে অসমত সেই পাচলি অধিক দামত বিক্ৰী কৰিবলৈ বাধ্য হৈছে৷ অথচ বানে অসমত ক্ষতি কৰাৰ পূৰ্বে শ্বিলঙৰ পৰা আমদানি কৰা পাচলিৰ দাম মাত্ৰাধিক হোৱা নাছিল৷
বিগত এটা সপ্তাহত এনেদৰে পাচলিৰ অভাৱনীয়ভাৱে দাম বৃদ্ধি হোৱাৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ প্ৰশাসন বান নিয়ন্ত্ৰণত ব্যস্ত থকাত বজাৰসমূহ নিয়ন্ত্ৰণহীন হৈছে৷
পাচলিৰ সমান্তৰালকৈ আন খাদ্য সামগ্ৰীৰ দামো কিছু পৰিমাণে ঊধ্বৰ্গামী হৈছে৷ বিশেষকৈ পেকেজিং সামগ্ৰীবোৰৰ দাম বৃদ্ধি কৰি লুণ্ঠন চলোৱা পৰিলক্ষিত হৈছে৷ পেকেজিং সামগ্ৰীসমূহৰ দামো বৃদ্ধি কৰা হৈছে, আনফালে পৰিমাণো কমাই অনা হৈছে৷ অৰ্থাৎ দুই ধৰণে গ্ৰাহকৰ ওপৰত ব্যৱসায়ীয়ে লুণ্ঠন চলাইছে৷ বানৰ বিভীষিকাৰ মাজতে প্ৰশাসনে দাম বৃদ্ধি নিয়ন্ত্ৰণত গুৰুত্ব নিদিলে সাধাৰণ জনতাই জীৱন-নিৰ্বাহ কৰাটো অধিক জটিল হৈ পৰিব৷
Comments