গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুলাই ঃ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা সময়সূচী অনুসৰি সাহায্য প্ৰদান কৰিব নোৱাৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুমকি দিছে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে৷
তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশ কমিটীৰ এটা সঁজাতী দলে আজি ৰাজ্যপালক সাক্ষাৎ কৰি পৰৱৰ্তী পৰ্যায়ৰ খেতি চপাব পৰাৰ সময়লৈ বানাক্ৰান্তক সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে৷ দুটাকৈ বানে অসম তচ্নচ্ কৰি থৈ যোৱাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ বা আন কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমলৈ আহি বানাক্ৰান্তৰ দুখ-দুৰ্দশা বুজ নোলোৱাত আক্ষেপ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই৷
আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে ৰাজ্যবাসী বানত ক্ষতিগ্ৰস্ত হোৱাত জুৰুলা হৈ আছে ৷ এই সময়ত বিজেপিক কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য কৰি নলয়৷ মাত্ৰ বানাক্ৰান্তক সাহায্য দিবলৈ দাবী জনাইছে৷
অষ্টলক্ষ্মী আখ্যা দিয়া অসমৰ বানাক্ৰান্ত ৰাইজক প্ৰধানমন্ত্ৰীয়ে আহি দিয়ে নে মুখ্যমন্ত্ৰীয়ে বান সাহায্য দিয়ে, সেই কথা কংগ্ৰেছৰ বাবে বিচাৰ্য নহয়৷ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তাৰিখ মতে বান সাহায্য দিয়ক৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে যদি তাৰিখ মতে বানত ক্ষতিগ্ৰস্তক সাহায্য দিব নোৱাৰে, তেন্তে ৰাজ্য চৰকাৰক সকীয়নি দি প্ৰথমে কংগ্ৰেছে স্মাৰক-পত্ৰ প্ৰদান কৰিব৷
তাৰ পাছতো বান সাহায্যৰ পৰা বঞ্চিত হ’লে পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছে আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি বান সাহায্য দিব নোৱাৰিলে কংগ্ৰেছে গাঁও, ব্লক, জিলা আৰু ৰাজ্যিক সমিতিয়ে গাঁৱৰ ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰিব৷ কংগ্ৰেছেই একমাত্ৰ দল, যি দলে নেতা-কৰ্মীৰ দান-বৰঙনিৰে ২১খন জিলাৰ বানাক্ৰান্তৰ মাজত সাহায্য দিবলৈ যত্ন কৰিছে৷
চৰকাৰে দিয়া সাহায্যৰ কৃতিত্ব কোনো দলে ল’ব নোৱাৰে বুলি উল্লেখ কৰি বৰাই কয় যে কংগ্ৰেছৰ তিনিওজন সাংসদ, বিধায়কসকলে বানাক্ৰান্তসকলৰ মাজত কাম কৰি আছে৷ ক’লা চছ্মা পিন্ধা কোনোবাই তেওঁলোকক নেদেখিব পাৰে, কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে বন্যাৰ্তৰ মাজত তেওঁলোকে কাম কৰি থকা দেখিছে বুলি বৰাই কয়৷
ইফালে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ নেতৃত্বত এটা সঁজাতী দলে ৰাজভৱনত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীক সাক্ষাৎ কৰি বানপীড়িত লোকসকলক বিতৰণ কৰি অহা সাহায্য সামগ্ৰী পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰে৷ চৰকাৰে পৰৱৰ্তী শস্য চপোৱালৈকে অৰ্থাৎ নৱেম্বৰ, ২০২২ মাহলৈ সাহায্য দি থকাৰ লগতে বানপানীত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক 5 লাখ টকাকৈ দিবলৈ দাবী জনায়৷
ৰাজ্যপালক দিয়া স্মাৰক-পত্ৰত উল্লেখ কৰে যে বানত মৃত্যু হোৱা লোকসকলৰ বেছিভাগেই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী৷ সেয়েহে চৰকাৰে যিকোনো চৰকাৰী বা অৰ্ধ চৰকাৰী চাকৰিত মৃতকৰ পৰিয়ালৰ সদস্যক সংস্থাপন দিয়া, বানপীড়িত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানীৰ তাৎক্ষণিক ব্যৱস্থা কৰা, কৃষকসকলৰ প্ৰচুৰ ক্ষতিৰ কথা বিবেচনা কৰি ধান খেতি,
উদ্যান শস্য, কুকুৰা পালন, মীন পালন, ঘৰুৱা জন্তু ইত্যাদিৰ ক্ষতি আৰু লোকচানৰ মূল্যাংকন কৰিবলৈ আৰু ক্ষতিপূৰণ দিবলৈ বিশেষজ্ঞক নিয়োজিত কৰিবলৈ দাবী জনোৱা হয়৷
বানপীড়িত অঞ্চলসমূত পৰ্যাপ্ত পশু খাদ্য যোগান ধৰা, স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰি পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে বিনামূলীয়া ঔষধ যোগান ধৰিবলৈ স্মাৰক-পত্ৰত টি এম চিয়ে দাবী জনায়৷
দলটোৱে অসমৰ বান আৰু খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰি ২০১৪ চনৰ পৰা অসমক দিবলৈ বাকী থকা এন ডি আৰ এফৰ অধীনৰ সকলো বকেয়া শীঘ্ৰে মুকলি কৰা, বান ক্ষতি মেৰামতিৰ পুঁজিৰ অধীনত সকলো ধন মুকলি কৰা, বিশেষ পেকেজ হিচাপে তিনি হাজাৰ কোটি টকা মুকলি কৰিবলৈ টি এম চিৰ ৰাজ্যিক সভাপতি বৰাই দাবী জনায়৷
Comments