গুৱাহাটী, ৫ জুলাইঃ এগৰাকী বিশেষ এয়াৰ হোষ্টেছ, যি সাধাৰণ যুৱতীৰ দৰে নহয়, কিয়নো তেওঁৰ বয়স বৰ্তমান এগৰাকী আইতাকৰ বয়সৰ সৈতে সমান।
লগতে, গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে এইগৰাকী ৮৬ বছৰীয়া আমেৰিকাৰ মহিলাক এই সপ্তাহত বিশ্বৰ আটাইতকৈ দীঘলীয়া সেৱা আগবঢ়োৱা আৰু আটাইতকৈ পুৰণি এয়াৰ হোষ্টেছ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। তেওঁ বিগত ৬৫ বছৰ ধৰি এয়াৰ হোষ্টেছ হিচাপে কাম কৰি আহিছে। এই বিশেষ এয়াৰ হোষ্টেছগৰাকীৰ নাম হৈছে বেট নাশ।
বেট নাশ হৈছে আমেৰিকাৰ বষ্টন, মেচাচুচেটছৰ বাসিন্দা। তেওঁ যোৱা ৬৫ বছৰ ধৰি আমেৰিকান এয়াৰলাইনছত এয়াৰ হোষ্টেছ হিচাপে কাম কৰি আছে। নাশে ১৯৫৭ চনত এয়াৰ হোষ্টেছ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
যেতিয়া তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল, তেতিয়া তেওঁক তেওঁৰ পচন্দৰ বিমান পথ বাছনি কৰিবলৈ কোৱা হৈছিল, কিন্তু নাশে তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময় নিউয়ৰ্ক-বষ্টন-ৱাশ্বিংটন বিমান পথত কাম কৰি অতিবাহিত কৰিছিল।
নাশে বিগত চাৰে ছয় দশক ধৰি বিমান সেৱাত ব্ৰতী হৈ আছে, লগতে প্ৰায়সংখ্যক যাত্ৰীয়ে তেওঁক চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছে। এজন যাত্ৰীয়ে এই বিষয়ত কৈছিল যে, মই বছৰত কেইবা হাজাৰ মাইল বিমানযোগে উৰা মাৰোঁ, কিন্তু যেতিয়া বেট বিমানত থাকে তেতিয়া সেয়া সদায় মোৰ সৰ্বশ্ৰেষ্ঠ উৰণৰ সময় হয়।"
"তেওঁ নিজৰ প্ৰথম চাকৰিটো বাছনি কৰিছিল আৰু আজিলৈকে এই সেৱাত জড়িত হৈ আছে। তেওঁৰ পুত্ৰ বিশেষভাৱে সক্ষম, সেয়েহে তেওঁ প্ৰতি নিশা পুতেকৰ ওচৰলৈ ঘূৰি আহিব লগা হয়। কিয়নো তেওঁ নিজৰ বিশেষভাৱে সক্ষম পুত্ৰৰ বিশেষ যত্ন ল'ব লগা হয়।"
Comments