Cartoon
View Older
গুৱাহাটী,৫ জুলাই:আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসমৰ জীয়ৰীৰ সাফল্য ৷ কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন কৰিছে অসমৰ ভাৰত্তোলক পপী হাজৰিকাই ৷ আমগুৰিৰ নামতি অঞ্চলৰ জীয়ৰী পপী হাজৰিকাই এই যোগ্যতা অৰ্জন কৰি অঞ্চলটোৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ইতিমধ্যে ইংলেণ্ডলৈ ৰাওনা হৈছে ভাৰত্তোলক পপী হাজৰিকাই ৷বিগত সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে পপী হাজৰিকাই ৷ বৰ্তমান উত্তৰ পূব সীমান্ত ৰে'লৱেৰ এগৰাকী কৰ্মচাৰী খেলুৱৈগৰাকী ৷ দিপ্তী হাজৰিকা আৰু স্বৰ্গীয় অনুপ হাজৰিকাৰ কন্যা পপী ৷ ২০১৫ চনৰ পৰা ভাৰত্তোলকৰ অনুশীলন কৰি আহিছে পপীয়ে ।
Comments