গুৱাহাটী, ৪ জুলাইঃ সাংস্কৃতিক মহাসভা অসমৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ডঃ গাৰ্গী মালাকাৰে কন্ঠদান কৰা জাকৈ শীৰ্ষক গীত উন্মোচন কৰা হয়। অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে দীপাংকৰ শৰণীয়াৰ কথা, আহান শংকৰ জে বি সুৰ ,গগন শৰণীয়া, জেমছ শৰণীয়াই কৰিঅ' গ্ৰাফাৰ কৰা এই গীতটো উন্মোচন কৰে।
শিক্ষাবিদ দয়ানন্দ পাঠক, পবিত্ৰ শৰ্মা, শিল্পী প্ৰণতি ফুকন,পৰেশ বৈশ্য, শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক, বৰ্তমান সন্মিলনী অসমৰ প্ৰচাৰ সম্পাদক তথা শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ সদস্য অৰুণ শৰণীয়া, জনগোষ্ঠীয় অভিনেতা সুৰকাৰ ৰূপম শৰণীয়াকে ধৰি বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে।
চচল শতদল সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই গীত উন্মোচনী সভাখনৰ আঁতধৰে বিজয় শংকৰ শৰ্মাই। উল্লেখযোগ্য যে উন্মোচনী অনুষ্ঠানত স্থানীয় জ্যেষ্ঠ লোক, শিশু শিল্পী সকলে গীত পৰিৱেশন কৰে।
Comments