গুৱাহাটী,৪ জুলাই:কিছুদিনৰ পৰা এটাৰ পিছত আনটো বিবাদত সোমাই বাতৰিৰ শিৰোনাম দখল কৰা ঋদ্ধিমান সাহাই এইবাৰ সংগ এৰিলে পশ্চিমবংগৰ। ভাৰতীয় দলৰ পৰা বাদ পৰাৰ পিছত বি চি চি আইৰ ওপৰত ক্ষুণ্ণ হৈ পৰা সাহাই ৱেষ্ট বেংগলৰ ক্ৰিকেট ব'ৰ্ডৰ পৰা এন অ’চি গ্ৰহণ কৰি ঘৰুৱা ক্রিকটেত চলি থকা বহু প্রত্যাশিত জল্পনা-কল্পনা অন্ত পেলায়।
বিশেষকৈ ক্রিকেট এছ'চিয়েশ্যন অৱ বেংগলৰ যুটীয়া সম্পাদক দেবব্রত দাসে ৰাজ্যিক ক্ৰিকেটৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক ৰাজহুৱাভাৱে প্ৰশ্ন উত্থাপন কৰাৰ পিছতে সাহা-কেবৰ মাজত বিবাদে চূড়ান্ত ৰূপ লৈছিল। ইয়াৰ পিছতে পশ্চিমবংগৰ হৈ ৰঞ্জি খেলাৰ পৰা বিৰত আছিল সাহা। কিন্তু এতিয়া এন অ’ চি লাভ কৰাৰ লগে লগে ত্ৰিপুৰাত যোগদান কৰাৰ সম্ভাৱনা বাস্তৱত ৰূপায়িত হয় উইকেটকীপাৰগৰাকীৰ। তেওঁ এতিয়া বেংগলৰ পৰিৱৰ্তে ত্ৰিপুৰাৰ মেণ্টৰ অধিনায়ক হিচাপে ঘৰুৱা ক্ৰিকেটত সেৱা আগবঢ়াব।
Comments