গুৱাহাটী, ৪ জুলাই : বিশ্বৰ আগশাৰী ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেড শিবিৰত মোক্ষম আঘাত, অন্য দলত চামিল হোৱাৰ পৰিকল্পনা কৰিছে তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে। পর্তুগালৰ মহাতাৰকাগৰাকীয়ে আগন্তুক ছিজনৰ পূৰ্বে তেওঁ দল সলনি কৰাৰ সম্ভাৱনা আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰ’নাল্ডোৱে মানচেষ্টাৰ ইউনাইটেড শিবিৰত আন দলৰ হৈ খেলাৰ ইচ্ছা প্ৰকাশৰ সন্দৰ্ভত অৱগত কৰিছে। তেওঁ এতিয়া ইংৰাজ প্ৰিমিয়াৰ লীগৰ সলনি চেম্পিয়ন্ছ লীগত খেলাৰহে মন মেলিছে। যাৰ ফলস্বৰূপে তাৰকাগৰাকীয়ে মানচেষ্টাৰৰ পৰা বিচ্ছিন্ন হোৱাৰ কথা চিন্তা চৰ্চা কৰিছে।
ৰ’নাল্ডোৰ দলটোৱে এই ছিজনত চেম্পিয়ন্ছ লীগত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। বিগত ছিজনতো কোনো ট্রফী লাভ কৰিব নোৱাৰিলে মানচেষ্টাৰে। বিশেষকৈ ২০২১ চনত মানচেষ্টাৰৰ হৈ চুক্তিবদ্ধ হোৱা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে বিগত ছিজনটোত ২৪ টাকৈ গ'ল দিয়ে যদিও বেছিভাগ সময়তে পৰাজয় বা ড্ৰৰ মাজতে সন্তুষ্ট হ'বলগীয়া হয়। ফলস্বৰূপে ৰ’নাল্ডোৱে হতাশ হৈ চেলছী নাই বা বেয়ার্ন মিউনিখৰ শিবিৰত যোগদান কৰাৰ চিন্তা-চৰ্চা কৰিছে।
Comments