গুৱাহাটী,৪ জুলাই : অমৰ সিং দেৱন্দাৰ নেতৃত্বত ভাৰতীয় আল্ট্রা ৰানাৰ্ছে কাণ্টিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আল্ট্রা ৰানাৰ্ছ (আই এ ইউ) ২৪ এইচ এছিয়া আৰু ওছেনিয়া চেম্পিয়নশ্বিপত ইতিহাস ৰচনা কৰি পুৰুষৰ দলীয় শাখাত স্বর্ণ পদক অৰ্জন কৰে।
একে সময়তে অমৰে ব্যক্তিগত শাখাতো শ্রেষ্ঠত্ব অর্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে।নিৰ্ধাৰিত ২৪ ঘণ্টাত মুঠ ৭৩৯.৯৫৯ কিল'মিটাৰ ভাৰতীয় পুৰুষ দলটোৱে দৌৰি সোণৰ পদক অর্জন কৰে। অমৰ সিঙে ২৫৮.৪১৮ কিল মিটাৰ দৈৰ্ঘ্য দৌৰ সমাপ্ত কৰি শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। যি তেওঁ পূৰ্বৰ শ্ৰেষ্ঠত্বতকৈ ১৮ কিল'মিটাৰৰ বেছি আছিল। অমৰৰ পিছতে সৌৰভ কুমাৰে দ্বিতীয় আৰু জিনো এণ্টনীয়ে তৃতীয় স্থান লাভ কৰি এছিয়া আৰু ওছেনিয়া অন্য দৌৰবিদসকলক ক্লীনছুইপ কৰে। সৌৰভে ২৪ ঘণ্টাত ২৪২.৫৬৪ কিল'মিটাৰ দৌৰাৰ পৰিৱৰ্তে এন্টনীয়ে ২৩৮.৯৭৭ কিল'মিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰে। ইফালে মহিলাৰ শাখাতো ভাৰতীয় দলটোৱে নিৰাশ নকৰি ৰূপৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়। দলটোৱে ৫৭০.৭০ কিল'মিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰি এই কৃতিত্ব অর্জন কৰে। অষ্ট্ৰেলিয়াই ৬০৭.৬৩ কিল মিটাৰ দৌৰি প্ৰথম স্থান দখল কৰে।
Comments