Cartoon
View Older
গুৱাহাটী,৪ জুলাই:অৱশেষত স্বস্তিৰ নিশ্বাস ভাৰতীয় দলৰ কোটি কোটি ক্রিকেট অনুৰাগীৰ। কৰ'নাত আক্ৰান্ত হোৱাৰ বাবে এজবেষ্টন টেষ্টৰ পৰা বাহিৰ হোৱা ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শর্মা ইংলেণ্ডৰ বিৰুদ্ধে হোৱাইট বল শৃংখলাৰ বাবে উপলব্ধ হৈছে।
দৰাচলতে শেহতীয়াকৈ কৰা ক’ভিড-১৯ৰ পৰীক্ষাত নিগেটিভ ৰিপ'ৰ্ট লাভ কৰাৰ পিছতেই ৰোহিতৰ ভাৰতীয় দললৈ টি-২০ আৰু এদিনীয়াত প্ৰত্যাৱৰ্তন নিশ্চিত হৈছে। ইয়াৰ পূৰ্বে তিনিবাৰকৈ কৰা টেষ্টত পজিটিভ আহিছিল ৰোহিতৰ কৰ'নাৰ ৰিপ'ৰ্ট। কিন্তু আজি অধিনায়কগৰাকীৰ কৰ'নাৰ উপস্থিতিৰ ফলাফল নিগেটিভ অহাৰ পিছতে ৭ জুলাইত অনুষ্ঠিত হ'বলগীয়া টি-২০ মেচখনত অধিনায়কত্বৰ দায়িত্বত ৰোহিতৰ যাদু দেখাৰ পূৰ্ণ সম্ভাৱনা আছে।
Comments