গুৱাহাটী,৪ জুলাই:আজি জম্মু-কাশ্মীৰত বন্দী হোৱা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী এজন বিজেপিৰ সক্ৰিয় সদস্য হোৱাৰ প্ৰমাণ পোৱা গৈছে । তেওঁ জম্মুত দলটোৰ সংখ্যালঘু মৰ্চাৰ ছ'চিয়েল মিডিয়া বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়াও আছিল। তালিব হুছেইন শ্বাহ আৰু তেওঁৰ সহযোগীক আজি ৰাতিপুৱা জম্মুৰ ৰিয়াচি অঞ্চলত গাওঁবাসীয়ে বন্দী কৰিছিল। তেওঁলোকৰ পৰা দুটা এ কে ৰাইফল, কেইবাটাও গ্ৰেনেড আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল। অৱশেষত তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিয়া হৈছিল।
ইয়াৰ পিছতে বিজেপিৰ অনলাইন সদস্যপদৰ প্ৰণালীক দোষাৰোপ কৰিছিল বিভিন্ন সমালোচকে।মানুহৰ কোনো পৃষ্ঠভূমি পৰীক্ষা নকৰাকৈ দলত যোগদান কৰিবলৈ অনুমতি দিয়াটো এটা অপৰাধ বুলি গণ্য কৰি বিজেপিক ইয়াৰ ওপৰত অলপ চকু দিবলৈ আহ্বান জনাইছে । দলৰ মুখপাত্ৰ আৰ এছ পাঠানিয়াই কয়, "এই গ্ৰেপ্তাৰৰ সৈতে এটা নতুন বিষয় পোহৰলৈ আহিছে। তেঁওলোকে আনকি বিজেপিত সোমাই দলৰ শীৰ্ষ নেতৃত্বক হত্যা কৰাৰো ষড়যন্ত্ৰও কৰিছিল।"
Comments