Classifieds
View All
গুৱাহাটী, ৪ জুলাইঃ গুৱাহাটী মহানগৰ আৰক্ষীয়ে দেওবাৰে নিশা চহৰখনৰ গীতানগৰ অঞ্চলত গাড়ী চোৰৰ এটা দলক আটক কৰিবলৈ সক্ষম হয়। গোপন তথ্যৰ ওপৰত অভিযান চলাই আৰক্ষীয়ে ২ জন গাড়ীচোৰক আটক কৰে।
আটৰ কৰা গাড়ী চোৰ দুজন দেবজিৎ ভট্টাচাৰ্য আৰু দীপ ৰয় বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী অনুসন্ধানৰ পিছত, একেলগে আন ৪ জন গাড়ীচোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
সূত্ৰ অনুসৰি, এই গাড়ী চোৰৰ দলটো নগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত চুৰি বাহন বিক্ৰী কৰাত জড়িত আছিল। এই চোৰকেইজনৰ বিৰুদ্ধে আগতে গীতানগৰ, দিছপুৰ, পানবজাৰ আৰক্ষী থানাত কেইবাটাও গোচৰ ৰুজু হৈ আ ছিল।
Comments