গুৱাহাটী,৪ জুলাই:ষ্টাৰ্ট-আপ সমূহকলৈ ৰাজ্যসমূহৰ ৰেংকিঙৰ তৃতীয় সংস্কৰণৰ ফলাফল প্ৰকাশ কৰে। আজি নতুন দিল্লীত এক সম্বৰ্ধনা অনুষ্ঠানত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মুকলি কৰে এই সংস্কৰণ ।
মুঠ ২৪ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭ টা ৰিফিৰ্ম ক্ষেত্ৰ আৰু ২৬ টা এক্সন পইণ্টকে এই অনুশীলনত অংশগ্ৰহণ কৰে। ৰাজ্যসমূহক পাঁচটা গোটত শ্ৰেণীবদ্ধ কৰা হৈছিল - শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী, শীৰ্ষ প্ৰদৰ্শনকাৰী, লিডাৰ্ছ, উচ্চাকাংক্ষী নেতা আৰু উদীয়মান ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ। মেঘালয়ক গুজৰাট আৰু কৰ্ণাটক ৰাজ্যৰ সৈতে 'শ্ৰেষ্ঠ প্ৰদৰ্শক' শ্ৰেণীত ৰখা হৈছে। এইটো ৰাজ্য আৰু ইয়াৰ উদ্যোগীসকলৰ বাবে এক বৃহৎ সন্মান আৰু স্বীকৃতি।
বাণিজ্য আৰু উদ্যোগ বিভাগৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত মেঘালয়ক এই সন্মান প্ৰদান কৰা হৈছে। এই কাৰ্যসূচীয়ে জ্ঞানৰ অংশীদাৰ হিচাপে আইআইএমচিআইপি, আমাজন ইণ্ডিয়া, ফেচবুক/মেটা, ইনভেষ্ট ইণ্ডিয়া, পাৰনোড ৰিকাৰ্ড ইণ্ডিয়া, এনইএছএফ আৰু সৌৰমান্দা ফাউণ্ডেচনৰ দৰে প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হৈছে।
Comments