গুৱাহাটী,৪ জুলাই:সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ কুল্লুৰ চাইঞ্জ উপত্যকাৰ জংলাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ঠিয় গৰাত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ ৷ এই দুৰ্ঘটনাটোত ১২ জনৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় । আনহাতে প্ৰশাসনৰ দলো উদ্ধাৰৰ বাবে ৰাওনা হয় ঘটনাস্থলীলৈ ।
চাইঞ্জ উপত্যকাৰ শ্বেনশ্বৰৰ পৰা চাইঞ্জ অভিমুখে আহি আছিল বাছখন । সেই সময়তে জাংলা নামৰ ঠাইত কেঁচি মোডত, বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই আৰু ৰাস্তাৰ তলৰ ঠিয় গৰাত পৰে বাছখন । বাছখনত ১৫ জনতকৈও অধিক লোক আছিল বুলি কোৱা হৈছে যদিও বৰ্তমানেও যাত্ৰীৰ সঠিক তথ্য পোৱা হোৱা নাই ৷ কিয়নো স্থানীয় লোকৰ উপৰিও বাছখনত আছিল একাংশ স্কুলীয়া শিশু ।হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ হায়দৰাবাদত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহকৰ পৰা আজি হিমাচললৈ ৰাওনা হৈছে আৰু চিধাই তেওঁ দুৰ্ঘটনা থলীলৈ যোৱাৰ কথা ৷ ইতিমধ্যে দুৰ্ঘটনাৰ বাবে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।
স্থানীয় লোকে জানিবলৈ দিয়া মতে, বৰষুণৰ বাবে পথটোৰ এটা অংশত শিল-মাটি-বোকা আদি পৰি আছিল ৷ সেইসমূহৰ কাষেৰে বাছখন পাৰ কৰি নিয়াৰ সময়তে বাছখন পথৰ কাষলৈ গুচি যায় আৰু ব্ৰেক মৰাৰ পাচতো পিচলি প্ৰায় ২০০ মিটাৰ তলত পৰেগৈ ৷ যাৰ ফলত বাছখন চূৰ্ণ-বিচূৰ্ণ হয় ৷ ভিতৰত থকা যাত্ৰীসকলেও নিজকে বচোৱাৰ কোনো সুযোগেই নাপালে ৷ স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলে বাছখনৰ পৰা কোনোমতে উদ্ধাৰ কৰে মৃতদেহ কেইটা । হিমাচল চৰকাৰে মৃতকৰ পৰিয়াললৈ পাঁচ লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে ৷ লগতে আহত তিনিজন লোকক ১৫ হাজাৰকৈ টকা প্ৰদানৰ কথাও ঘোষণা কৰা হৈছে ৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত ১২ জন লোকৰ পৰিয়ালক ২ লাখকৈ আৰু আহত তিনিজনক ৫০ হাজাৰকৈ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ৷
Comments