গুৱাহাটী,৪ জুলাই:আজি জম্মু-কাশ্মীৰত বন্দী হোৱা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী এজন বিজেপিৰ সক্ৰিয় সদস্য হোৱাৰ প্ৰমাণ পোৱা গৈছে । তেওঁ জম্মুত দলটোৰ সংখ্যালঘু মৰ্চাৰ ছ'চিয়েল মিডিয়া বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়াও আছিল। তালিব হুছেইন শ্বাহ আৰু তেওঁৰ সহযোগীক আজি ৰাতিপুৱা জম্মুৰ ৰিয়াচি অঞ্চলত গাওঁবাসীয়ে বন্দী কৰিছিল। তেওঁলোকৰ পৰা দুটা এ কে ৰাইফল, কেইবাটাও গ্ৰেনেড আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল। অৱশেষত তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিয়া হৈছিল।
এই ঘটনাৰ পিছত জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰবীন্দ্ৰ ৰাইনাই কৈছিল যে "শ্বাহ এজন বিজেপিৰ প্ৰাথমিক সদস্য নাছিল । তেওঁৰ কেমেৰামেনৰ সৈতে সাংবাদিক হিচাপে বহুবাৰ জম্মুৰ বিজেপি মুখ্য কাৰ্যালয়লৈ গৈছিল আৰু অতীতত মোৰ সাক্ষাৎকাৰ লৈছিল। বিজেপিৰ চৰকাৰী ৰেকৰ্ডত তেওঁৰ কোনো সদস্যপদ নাই। তেওঁৰ ম'বাইলৰ পৰা কিছুমান ছবি উদ্ধাৰ কৰা হৈছে, যিবোৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই চোৱা-চিতা কৰি আছে। দেখা গৈছে যে তেওঁ বিজেপি কাৰ্যালয়ত এটা ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰি আছিল ।"
Comments