Classifieds
View All
বিলাসীপাৰা, ০৪ জুলাই: আজি বিলাসীপাৰাত অৱস্থিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টি, ধুবুৰী পূৱ জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ স্বৰূপে দলীয় পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে সন্মানীয় জিলা সভাপতি শ্ৰীযুত প্ৰফুল্ল কলিতাই ।
উক্ত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে বিজেপি অসম প্ৰদেশ কমিটীৰ সম্পাদিকা তথা জিলা প্ৰভাৰী শ্ৰীমতী টিনামনি দৈমাৰী, সহ প্ৰভাৰী শ্ৰীযুত সুখেন ৰায়, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুধীৰ চন্দ্ৰ ৰায়ৰ লগতে, জিলা সমিতিৰ বিষয় ববীয়া, যুৱ মৰ্চা কমিটীৰ সভাগতি, মণ্ডল কমিটীৰ সভাগতি, পঞ্চায়ত আৰু পৌৰসভা প্ৰতিনিধি , কাৰ্যকৰ্তা সকলে উপস্থিত থাকে। সভাত দলীয় সংগঠনটো মজবুত কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ আহ্বান জনায়।
Comments