তালাপ, ৪ জুলাই : তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মাকুম শাখা সাহিত্যৰ সহযোগত আজি জিলাৰ মাকুমস্থিত কাৰ্যালয় যুগল কিশোৰ কেষাণ ভৱনত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত সাহিত্যিক, নাট্যকাৰ, গীতিকাৰ হৰেন্দ্ৰনাথ বৰঠাকুৰৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়
। জিলা সভাপতি অৰ্জুন বৰুৱাই মৃতকৰ প্ৰতিচ্ছবিৰ সমূখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো আৰম্ভ কৰে । পুস্পাঞ্জলি অনুষ্ঠানটো মুকলি কৰে মাকুম শাখাৰ সভাপতি প্ৰদীপ বৰুৱাই । ইয়াৰ পিছতে জিলা সভাপতি অৰ্জুন বৰুৱাৰ পৌৰোহিত্যত স্মৃতিচাৰণ অনুষ্ঠানটো আৰম্ভ হয় । প্ৰথমে সভাখনত এটি শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে ক্ষন্তেক মৌন প্ৰাৰ্থনা জনোৱা হয় ।
স্মৃতিচাৰণ কৰে ক্ৰমে জিলা সাহিত্যৰ প্ৰাক্তন সভাপতি প্ৰবীন বৰা, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়া, পূৰ্বৰ ডিব্ৰুগড় জিলা সাহিত্য পৰিষদৰ সম্পাদক দিলীপ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ মুখপাত্ৰ ড০ সঞ্জীৱ শৰ্মা, ৰামধেনু উপসমিতিৰ আহ্বায়ক মাণিক আহমেদ আৰু বৰ্তমানৰ কৰ্ণধাৰ সমিতিৰ সদস্য ডাঃ গিৰীশ সন্দিকৈয়ে । এই ঋষিতুল্য সাহিত্যিকগৰাকীৰ স্মৃতিচাৰণ কৰা ব্যক্তিসকলে তেওঁৰ দ্বাৰা ৰচিত শিশু সাহিত্য আৰু শিশু নাটকবোৰ শিশুসকলৰ মাজত প্ৰচাৰত বিশেষ গুৰুত্ব আৰোপ কৰি বক্তব্য আগবঢ়ায় আৰু তেওঁৰ সাহিত্যকৰ্মসমূহ আৰু জীৱনপঞ্জী সামৰি এটা সংকলন প্ৰকাশ কৰিবলৈ আহ্বান জনায় । বক্তাসকলৰ প্ৰতি সঁহাৰি জনাই তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত তেনে এটি সংকলন প্ৰকাশ কৰাৰ বাবে আজিৰ সভাই সৰ্বসন্মতিক্ৰমে এটি প্ৰস্তাৱ গ্ৰহণ কৰে ।
সভাখনত জাতীয় সাংস্কৃতিক বৰভেটি, অসমৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ড০ বিকাশ কুমাৰ বৰুৱা, উপদেষ্টা তথা বনগীতৰ শিল্পী লুইত দাস, উপদেষ্টা মৃগেন শইকীয়া, পত্ৰিকা সম্পাদক নিৰুপমা গোস্বামী, জিলা আৰু শাখাসমূহৰ সভাপত, সম্পাদক আৰু প্ৰতিনিধিসকলে যোগদান কৰি সাফল্যমণ্ডিত কৰি তোলে । অনুষ্ঠানটোৰ আঁত ধৰে জিলা সম্পাদক মনোৰম বৰা আৰু শাখা সম্পাদক নিলোৎপল শইকীয়াই ৷ ইফালে স্বৰ্গীয় হৰেন্দ্ৰনাথ বৰঠাকুৰৰ মাকুম গান্ধীনগৰৰ ঘৰত আজি তেওঁৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয় ।
আদ্যশ্ৰাদ্ধ উপলক্ষ্যত অখিল চন্দ্ৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন সামূহিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা দ্বিতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়ক ড০ নন্দ সিং বৰকলা, অসম সাহিত্য সভাৰ মুখপাত্ৰ ড০ অনিল শইকীয়া আৰু নাট্যপীঠৰ অধ্যক্ষ প্ৰশান্ত শৰ্মাই । অন্যান্যসকলৰ লগতে সাহিত্য, সংস্কৃতি, শিক্ষা, সাংবাদিক আদি ক্ষেত্ৰৰ হৰেন্দ্ৰনাথ বৰঠাকুৰ প্ৰেমী বহুসংখ্যক গুণী ব্যক্তিয়ে অনুষ্ঠানটোত যোগদান কৰি মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
Comments