Classifieds
View All
গুৱাহাটী,৪ জুলাই:এদিনৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (এডিজি) হ’ল এটি ১২ বছৰীয়া শিশু। এডিজিৰ পোছাক পৰিধান কৰি কাৰ্যালয়ত প্ৰৱেশ কৰা শিশুটিক চেল্যুট জনালে আন আন আৰক্ষী বিষয়াসকলে। কেৱল সেয়াই নহয়, এগৰাকী এডিজিয়ে কৰাৰ ধৰণে কাম আৰু নিৰ্দেশো জাৰি কৰে শিশুটিয়ে।
দৰাচলতে কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা হৰ্ষ ডুবে নামৰ ১২ বছৰীয়া শিশুটিৰ মনোবল বৃদ্ধিৰ বাবে তেওঁক এদিনৰ বাবে এডিজি পদত অধিষ্ঠিত কৰোৱা হয়। প্ৰয়াগৰাজৰ এডিজি প্ৰেম প্ৰকাশে নিজেই হৰ্ষক এই শীৰ্ষ পদত বহুৱাই এদিনৰ বাবে কাৰ্যালয়ৰ সমস্ত নেতৃত্ব অৰ্পণ কৰে।এই সময়ছোৱাত ১২ বছৰীয়া হৰ্ষই এগৰাকী প্ৰকৃত এডিজিৰ দৰেই আৰক্ষীৰ এখন বৈঠকতো অংশ লয়। সমান্তৰালভাৱে এডিজিৰ সৈতে সম্পৰ্কিত কেইবাটাও নিৰ্দেশত স্বাক্ষৰ কৰি নিজৰ কৰ্তব্য সম্পাদন কৰে।
Comments