মুম্বাই, ৪ জুলাইঃ মুম্বাইত অনুষ্ঠিত ভি এল চি চি ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলত দেওবাৰে কৰ্ণাটকৰ সিনী শেট্টীক ফেমিনা মিছ ইণ্ডিয়া ৱল্ডৰ্ ২০২২-ৰ বিজয়ী ঘোষণা কৰা হয়৷
এইবাৰ এই প্ৰতিযোগিতাত মুঠ ৩১গৰাকী প্ৰতিযোগীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ জিঅ’ ৱল্ডৰ্ কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত অনুষ্ঠানত ৰাজস্থানৰ ৰুবল শ্বেখাৱট ফেমিনা মিছ ইণ্ডিয়া ২০২২-ৰ প্ৰথম ৰানাৰ আপআৰু উত্তৰ প্ৰদেশৰ শিনাতা চৌহান ফেমিনা মিছ ইণ্ডিয়া ২০২২-ৰ দ্বিতীয় ৰানাৰ আপ হয়৷
প্ৰতিযোগিতাৰ ফাইনেলৰ বিচাৰকসকলআছিল অভিনেত্ৰী নেহা ধুপিয়া, মালাইকা অৰোৰা, অভিনেতা দিনো মৰিয়া, ডিজাইনাৰ ৰোহিত গান্ধী আৰু ৰাহুল খান্না, কৰিঅ’গ্ৰাফাৰ শ্যামক দাৱৰ তথা প্ৰাক্তন ক্ৰিকেট খেলুৱৈ মিতালী ৰাজ৷ তাৰকাৰে পূৰ্ণ উক্ত সন্ধিয়াত অভিনেত্ৰী কৃতি সেনন, লৰেন গটলিয়েব আৰু এশ্ব ছেণ্ডলাৰে অনুষ্ঠান পৰিৱেশন কৰে৷
অনুষ্ঠানত হ’ষ্ট হিচাপে আছিল মনীষ পল৷ মিছ ইণ্ডিয়াৰ খিতাপ জয় কৰা সিনী শেট্টীৰ গৃহ ৰাজ্য কৰ্ণাটক যদিও তেওঁৰ জন্ম হৈছিল মুম্বাইত৷ ২১ বছৰীয়া সিনী একাউণ্টিং আৰু ফাইনেন্সৰ স্নাতক৷ ইয়াৰ উপৰি তেওঁ চি এফ এ অৰ্থাৎ চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্টৰ বাবে প্ৰস্তুতি চলাই আছে৷ সিনী শেট্টী ভৰতনাট্যমৰ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নৃত্যশিল্পী৷
Comments