গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুলাই ঃ প্ৰতিভাৱান বক্সাৰ যমুনা বড়োৱে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে৷ কাজাখস্তানৰ ৰাজধানী চহৰ নূৰ-চুলতানত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ ইলোৰ্ডা কাপ বক্সিং প্ৰতিযোগিতাত অসম কন্যা যমুনাই মহিলাৰ ৫৪ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছে৷
প্ৰতিযোগিতাখনত সোমবাৰে হোৱা ফাইনেলত ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জজয়ী যমুনাই উজবেকিস্তানৰ লাইজিনা উক্তামোভাৰ হাতত ব্যৱধানত পৰাজয় স্বীকাৰ কৰে৷ ঢেকীয়াজুলিত জন্মগ্ৰহণ কৰা যমুনাই ২০২৪ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰি পদক জয়ৰ আশা কৰিছে৷
যমুনাক এই সাফল্যৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনাইছে৷ প্ৰতিযোগিতাখনত ভাৰতে দুটা সোণৰ, দুটা ৰূপৰ আৰু দহটা ব্ৰঞ্জৰ পদকসহ মুঠতে ১৪টা পদক জয় কৰে৷ বৰ্তমানৰ যুৱ বিশ্ব চেম্পিয়ন অলফিয়া পাঠানে মহিলাৰ ৮১ কেজিত সোণৰ পদক জয় কৰে৷ আনহাতে, গীতিকাই ৪৮ কেজি শাখাত জয় কৰে সোণৰ পদক৷ প্ৰতিযোগিতাত আনটো ৰূপৰ পদক জয় কৰে কলাইৱানী শ্ৰীনিৱাসনে৷
Comments