গান্ধীনগৰ, ৪ জুলাই ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধী নগৰত ডিজিটেল ইণ্ডিয়া উইক-২২১ শুভাৰম্ভণি কৰে৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দেশৰ মানুহৰ জীৱন সলনি কৰাত ডিজিটেল প্ৰযুক্তিৰ ভূমিকাক প্ৰশংসা কৰি কয় যে বিভিন্ন সেৱাৰ বাবে অনলাইনৰ ব্যৱস্থা কৰি ভাৰতে লাইনৰ ব্যৱস্থা নাইকিয়া কৰিলে৷
তেওঁ কয় যে যদি সময় সলনি হোৱাৰ লগে লগে ভাৰতে নতুন প্ৰযুক্তি গ্ৰহণ নকৰে, তেন্তে দেশ পিছ পৰি ৰ’ব৷ তেওঁ কয়, ‘আঠ বা ১০ বছৰ আগতে আমি সকলোৰে বাবে লাইন পাতিবলগীয়া হৈছিল৷ আমি জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈ, বিল দিবলৈ, ৰেছনৰ বাবে, নামভৰ্তিৰ বাবে, পৰীক্ষাৰ ফলৰ বাবে, প্ৰমাণপত্ৰৰ বাবে, বেংকত লাইন পাতিব লগীয়া হৈছিল৷
আমি যে কিমান লাইন পাতিলোঁ? ভাৰতে এতিয়া অনলাইনৰ ব্যৱস্থা গ্ৰহণ কৰি লাইনৰ ব্যৱস্থা নাইকিয়া কৰিলে৷’ তেওঁ আৰু কয় যে চৰকাৰৰ ডিজিটেল ইণ্ডিয়া কৰ্মসূচীয়ে দৰিদ্ৰক দুৰ্নীতিৰ পৰা সকাহ দিলে আৰু চৰকাৰে সকলো ক্ষেত্ৰতে মধ্যভোগী নাইকিয়া কৰিবলৈ কাম কৰি আছে৷
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়াষ্টেক ডট গ্লবেল’ প্লেটফৰ্ম, ‘মাইস্কিম’ পৰ্টেল, ‘মেৰী পহচান’, ‘ডিজিটেল ইণ্ডিয়া ভাষিণী’, ‘ডিজিটেল ইণ্ডিয়া জেনেছিছ’, ‘চিপছ টু ষ্টাৰ্টআপ’ আদি ডিজিটেল প্লেটফৰ্ম-পৰ্টেলৰ উন্মোচন কৰে৷ তেওঁ আৰু কয় যে ডিজিটেল ইণ্ডিয়াৰ বাবেই দেশৰ ২ লাখ কোটিতকৈ বেছি টকা ভুল হাতত পৰাৰ পৰা বাচিল৷
আনহাতে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ যোগেদি জ্জ্ব বছৰত ২৩ লাখতকৈ অধিক টকা হিতাধিকাৰীৰ একাউণ্টত সোমাইছে৷ গান্ধীনগৰৰ মহাত্মা মন্দিৰ কনভেনশ্যন এণ্ড একজিবিশ্যন চেণ্টাৰত আয়োজন কৰা এই ডিজিটেল ইণ্ডিয়া উইক জুলাইলৈ অনুষ্ঠিত হ’ব৷ আজিৰ গান্ধীনগৰৰ অনুষ্ঠানৰ আগতে অন্ধ্ৰপ্ৰদেশৰ ভীমাৱৰমত আল্লুৰী সীতাৰামা ৰাজুৰ ৩০ ফুট উচ্ছতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে৷
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মোদীয়ে কয় যে কিংবদিন্ত স্বাধীনতা সংগ্ৰামীজনৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী আৰু ৰম্পা বিদ্ৰোহৰ শতবাৰ্ষিকী বছৰজুৰি পালন কৰা হ’ব৷ উল্লেখযোগ্য যে আল্লুৰীয়ে ১৯২২ চনত আৰম্ভ হোৱা ৰম্পা বিদ্ৰোহৰ নেতৃত্ব দিছিল৷ তেওঁক স্থানীয় লোকে ‘অৰণ্যৰ বীৰ’ বুলি কয়৷
আল্লুৰী সীতাৰামা ৰাজুলৈ শ্ৰদ্ধাঞ্জলি জনাই মোদীয়ে কয় যে আল্লুৰী আছিল ভাৰতীয় সংস্কৃতি, আদিবাসী অস্তিত্ব আৰু মূল্যবোধৰ প্ৰতীক৷ ইফালে প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ অন্ধ্ৰ প্ৰদেশৰ গন্নৱৰম বিমান বন্দৰৰ পৰা উৰাৰ সময়ত ক’লা বেলুন উৰোৱাক লৈ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা সন্দৰ্ভত সংবাদ মাধ্যমে প্ৰশ্ন উত্থাপন কৰে৷
আনহাতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা খুঁত থকা বুলি ওলোৱা বাতৰি অস্বীকাৰ কৰি আৰক্ষীয়ে কয় যে বিমান বন্দৰৰ পৰা চ্ছ্ৰ.প্ত কিল’মিটাৰ আঁতৰত কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে আকাশলৈ ক’লা বেলুন উৰুৱায়৷ এই সংক্ৰান্তত আৰক্ষীয়ে কংগ্ৰেছৰ চাৰিজন কৰ্মীক গ্ৰেপ্তাৰ কৰে৷ অৱশ্যে প্ৰচাৰিত ভিডিঅ’ত মোদীৰ হেলিকপ্টাৰৰ সমীপতে বেলুন উৰি থকা দেখা গৈছিল৷
Comments