গুৱাহাটী,৫ জুলাই:অএনজিচিয়ে ধনশিৰি মহকুমাৰ স্থানীয় নিবনুৱা যুৱক-যুৱতী সকলক অএনজিচিৰ কৰ্মক্ষেত্ৰত নিয়োজিত নকৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে ধনশিৰি । ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই আজি পুৱা ৫ বজাৰ পৰা সৰুপথাৰ মহাবিদ্যালয় সমীপত থকা অ' এন জি চিৰ মুখ্যদ্বাৰ অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ এক প্ৰতিবাদী কাৰ্য্যসূচী হাতত লয়।
লগতে অ'এন জি চিৰ স্হানীয় যুৱক-যুৱতী সকলক উপেক্ষিত কৰাৰ প্ৰতিবাদ স্বৰূপে অনিদিৰ্ষ্টকালীন পথ অৱৰোধ কাৰ্যসুচীও গ্ৰহণ কৰিছে চুতীয়া ছাত্ৰ সন্থাই ৷ ইফালে অ'এন জি চিৰ নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত জোৱানে প্ৰতিবাদকাৰীক উদ্দ্যেশি অশ্ৰাব্য গালিগালাজ কৰি চুতীয়া জাতিক লৈ ধমকি দিয়াৰ অভিযোগো উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে।ঘটনা সন্দৰ্ভত অ'এন জি চি ৰ বিষয়া গৰাকীৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত এক গোচৰ তৰিলে চুতীয়া ছাত্ৰ সন্থাই ।
Comments