Classifieds
View All
গুৱাহাটী,৫ জুলাই: মঙলদৈৰ বিভিন্ন অঞ্চলত বানৰ পিছতে খহনিয়াই লৈছে তীব্ৰ ৰূপ । যাক লৈ চিন্তিত হৈ পৰিছে নৈ পৰিয়া ৰাইজ । ইতিমধ্যে মোৱামাৰি, গেৰিমাৰীৰ কেইবাটাও পৰিয়ালৰ গৃহ মঙলদৈ নদীত জাহ গৈছে । তদুপৰি মঙলদৈ নদীৰ খহনীয়াই চিন্তিত কৰি তুলিছে মঙলদৈৰ ৬ নং ৱাৰ্ডৰ জ্যোতিনগৰৰ একাংশ নৈ পৰিয়া ৰাইজক । ইতিমধ্যে প্রায় ৩০ টা পৰিয়ালৰ ২০ - ৩০ ফুটৰ অধিক ম্যাদী মাটি পানীত জাহ গৈছে। যাতায়তৰ বাবে পথ নোহোৱা হৈ পৰিছে
জল সম্পদ বিভাগ আৰু স্থানীয় বিধায়কক অনুৰোধ কৰিও কোনো সু-ফল পোৱা নাই লোকসকলে । সেয়েহে তেওঁলোকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে । নহ'লে ঘৰ এৰি অঘৰী হব এই দুৰ্ভগীয়া পৰিয়াল সমূহ । লগতে এই খহনিয়াই মঙলদৈ চহৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
Comments