গুৱাহাটী,৫ জুলাই:আর্থিক বিপর্যয়ৰ সন্মুখীন হোৱা চুবুৰীয়া দেশ শ্রীলংকালৈ পুনৰ সহায়ৰ হাত আগবঢ়াইছে ভাৰতে। জানিব পৰা মতে দেশখনত সৃষ্টি হোৱা তেলৰ নাটনি পূৰাবলৈ ভাৰতে দুখন তেল পৰিবাহী জাহাজ শ্রীলংকালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমখন তেল পৰিবাহী জাহাজ ১৩-১৫ জুলাইৰ ভিতৰত আৰু দ্বিতীয়খন জাহাজ ২৯-৩১ জুলাইৰ মাজত শ্রীলংকাত উপস্থিত হ'ব।
শ্ৰীলংকাৰ চৰকাৰী সূত্ৰ অনুসৰি ভাৰতৰ পৰা তেল কঢ়িয়াই নিয়া অন্তিমখন জাহাজ দেশখনত ১০-১৫ আগষ্টৰ ভিতৰত উপস্থিত হ'ব। ইয়াৰ পূৰ্বে তেলৰ নাটনিৰ বাবে দেশখনত সৃষ্টি হোৱা সমস্যাৰ ওপৰত শ্ৰীলংকাৰ ভাৰতত উচ্চ আয়ুক্ত মিলিন্দা ম’ৰাগডাৰ ভাৰতৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীৰ লগত আলোচনা সম্পন্ন হয়।
মিলিন্দা ম’ৰাগ 'ডাই ভাৰতৰ মন্ত্ৰীগৰাকীৰ আগত দেশখনৰ পেট্রল-ডিজেলৰ তৎকালীন প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে বিগত তিনিমাহত শ্ৰীলংকাই ভাৰতৰ পৰা ৪ লাখ টন পেট্ৰ'ল, ডিজেল আৰু পেট্ৰ'লজাত সামগ্ৰী আহৰণ কৰিছে। শ্ৰীলংকাৰ বিষয়াগৰাকীয়ে ভাৰতৰ মন্ত্ৰী পুৰিৰ সৈতে তেল, গেছ আৰু আনুষংগিক খণ্ডত দুয়োখন দেশৰ মাজত দীৰ্ঘম্যাদী যোগান ব্যৱস্থা স্থাপনৰ প্ৰয়োজনীয়তাৰ বিষয়ত ভাব-বিনিময় কৰে।
শ্ৰীলংকাৰ বৰ্তমান চৰকাৰৰ সিদ্ধান্তমর্মে বর্তমান দেশখনত মজুত থকা তৈল ভাণ্ডাৰৰ ব্যৱহাৰ কেৱল অত্যাৱশ্যকীয় সেৱাসমূহৰ বাবেহে কৰা হ'ব। শ্রীলংকাৰ সংবাদ মাধ্যমসমূহৰ খবৰ অনুসৰি চলিত মাহটোত দেশখনে ৩৩ হাজাৰ মেট্রিকটন গেছ আৰু আগষ্ট মাহত একলাখ মেট্রিকটন গেছ আহৰণ কৰিব। ১৯৪৮ চনত স্বাধীনতা লাভ কৰা দেশখনে প্ৰথমবাৰৰ বাবে দেশখনৰ আটাইতকৈ ভয়ানক অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে। তেলৰ নাটনিৰ ফলত চৰকাৰে শিক্ষানুষ্ঠান, কাৰ্যালয় আদিকে ধৰি অনুষ্ঠান প্রতিষ্ঠানসমূহ অনির্দিষ্ট কাললৈ বন্ধ কৰাৰ নিৰ্দেশ জাৰী কৰিছে।
Comments