গুৱাহাটী,৫ জুলাই:অসম তৃণমূল কংগ্ৰেছে ৰাজ্যৰ সকলক প্রয়োজনীয় সাহায্য প্রদান কৰা অসমৰ বান আৰু খহনীয়া সমস্যা, ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা, এনডিআরএফৰ অধীনত ২০১৪ চনৰ পৰা অসমে পাব লগা পুঁজি মুকলি কৰি দিয়া, বানত ক্ষতিগ্ৰস্ত মথাউৰি নিৰ্মাণৰ বাবে অসম চৰকাৰে সময়ে সময়ে দাবী কৰি অহা পুঁজি মুকলি কৰি দিয়া, বৰাক উপত্যকাৰ কাছাৰ জিলাৰ বাবে পৃথককৈ বিশেষ পেকেজ ঘোষণা কৰা আৰু মণিপুৰৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা তেইছটা পৰিয়ালক ক্ষতিপূৰ্ণ দিয়াৰ বাবে দাবী জনাই আজি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এটা সঁজাতী দলে আজি ৰাজভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি এই স্মাৰক পত্ৰ প্ৰদান কৰে। সংবাদ মাধ্যমক সভাপতি বৰাই কয় যে যিহেতু ধান কটাৰ বতৰলৈকে অর্থাৎ নৱেম্বৰলৈকে অসমৰ জনসাধাৰণ আক্ৰান্ত হৈ থাকিব সেই বাবে নৱেম্বৰ পৰ্যন্ত চৰকাৰে সাহায্য সামগ্রী প্রদান কৰিব লাগিব জনসাধাৰণক।
ইফালে মৰিগাঁও জিলাৰ লাহৰিঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত শ্ৰমিকসকলে পেটৰ তাড়নাত মণিপুৰত ৰে'লৱে প্ৰজেক্টত শ্ৰমিক হিচাপে কাম কৰাৰ সদৰী কৰি বৰাই কয় যে ইতিমধ্যে মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালকেইটাক পাঁচলাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। পৰিয়ালৰ সদস্যক ৰে'ল বিভাগত চাকৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈকো ৰাজ্যপালগৰাকীক দাবী জনায় বৰাই।পৰিয়ালৰ সদস্যক ৰে'ল বিভাগত চাকৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈকো ৰাজ্যপালগৰাকীক দাবী জনায় বৰাই।
Comments