Classifieds
View All
গুৱাহাটী, ৫ জুলাইঃ দেশৰ ষোড়শ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ১৯ জুলাইলৈকে মনোনয়ন-পত্ৰ দাখিল কৰিব পাৰিব। ৬ আগষ্টত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যসভাৰ ২৩৩ গৰাকী নিৰ্বাচিত আৰু ১২ গৰাকী মনোনীত সদস্য তথা লোকসভাৰ ৫৪৩ গৰাকী নিৰ্বাচিত সদস্যই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কার্যকাল অহা ১০ আগষ্টত অন্ত পৰিব।
উৎসঃ এ আই আৰ নিউজ
Comments