গুৱাহাটী, ৫ জুলাইঃ উপভোক্তা পৰিক্ৰমা মন্ত্রালয়ে কৈছে যে কোনো হোটেল বা ৰেষ্টুৰাই খাদ্যৰ ৰচিদৰ সৈতে নিজাববীয়াকৈ সেৱা কৰ সংযোগ কৰিব নোৱাৰিব। এই সন্দৰ্ভত কেন্দ্রীয় উপভোক্তা সুৰক্ষা প্রাধীকৰণে অসাধু ব্যৱসায় আৰু উপভোক্তা অধিকাৰৰ উলংঘন ৰোধ কৰাব বাবে এলানি নীতি নিৰ্দেশনা জাৰি কৰিছে।
এই নীতি-নিৰ্দেশনাত হোটেলসমূহে আন কোনো নামেৰে সেৱা কৰ সংগ্ৰহ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে। হোটেল আৰু ৰেষ্টুৰাসমূহে উপভোক্তাসকলক সেৱা কৰা আদায় দিবলৈও বাধ্য কৰা নোৱাৰিব আৰু এই কৰ সম্পূৰ্ণৰূপে স্বেচ্ছামূলক আৰু ঐচ্ছিক বুলি নীতি-নির্দেশনাত উল্লেখ কৰা হৈছে।
মন্ত্ৰালয়ে কৈছে যে গ্রাহকসকলে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় উপভোক্তা হেল্প লাইন নম্বৰ ১৯১৫-ত ফোন কৰি অথবা NCH মোবাইল এপযোগে অভিযোগ দাখিল কৰিব পাৰিব। গ্রাহকসকলে লগতে উপভোক্তা আয়োগৰ পৰ্টেল https://t.co/V3hv2pdIfNৰ জৰিয়তেও অভিযোগ দাখিল কৰিব পাৰিব।
উৎসঃ এ আই আৰ নিউজ
Comments