গুৱাহাটী,৫ জুলাই : ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কংগ্ৰেছে নিজ দলৰ বিধায়ক আৰু দুই সতীৰ্থ বিৰোধী বিধায়ককলৈহে যুঁজিব। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বাদে এআইইউডিএফ-ৰ ভোট যশোৱন্ত সিনহাৰ বাবে নিবিচাৰে ভূপেন বৰাই। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদমেলযোগে এই কথা স্পষ্ট কৰি দিয়ে।
অৱশ্যে বিৰোধী দলৰ প্ৰাৰ্থী সিনহাই ৯ৰ পৰা ১১ জুলাইৰ ভিতৰত অসমলৈ আহিলে এআইইউডিএফ-ৰ ভোট নিজে বিচাৰিলে কংগ্ৰেছে আপত্তি নকৰে বুলি স্পষ্ট কৰি দিয়ে সভাপতি বৰাই। তেওঁ ইংগিত দিলে যে বিপিএফৰ ওচৰলৈও তেওঁলোকৰ প্ৰাৰ্থীগৰাকী ভোট বিচাৰি যোৱাত আপত্তি নাথাকিব। সংবাদমেলত ৰাষ্ট্ৰপতি নির্বাচন সন্দৰ্ভত অৱগত কৰাৰ লগতে প্রদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে চৰকাৰক সকীয়াই দিয়ে যে বান সাহায্য চৰকাৰে ঘোষণা কৰাৰ দৰে আক্রান্ত জনসাধাৰণে লাভ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তুলিব।
Comments