চেলেংহাট,৫ জুলাইঃপুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ অসম নগালেণ্ড সীমান্ত ।অসমৰ মাটিত ৰাজহুৱা শশ্মান নিৰ্মাণত নগাই বাধা প্ৰদান কৰাৰ পাছতে সীমান্তৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ মগৈৰ গাৱঁত ১৭নং পূব নকছাৰী গাওঁ পঞ্চায়তে ৩ লাখ ৯০হেজাৰ টকাৰে অসমৰ ভূমিত নিৰ্মান কৰি আছিল ৰাজহুৱা শ্মশানখন।কিন্তু সমীপৰ চেয়াৰমেন বস্তিৰ নগাই শ্মশানখনৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ ভয় ভাবুকি প্ৰদান কৰাত কেইবাদিন ধৰি নিৰ্মাণকাৰ্য বন্ধ হৈ আছিল।
আনহাতে আজি হঠাৎ মগ্ৰৈ গাঁৱৰ নৱনিৰ্মিত শ্মশানস্থলীত উপস্থিত হয় নাগালেণ্ডৰ চেয়াৰমেন বস্তিৰ গাঁওবুঢ়া, নাগালেণ্ডৰ চৰকাৰী এগৰাকী মহিলা দণ্ডাধীশ সহিতে নগা আৰক্ষীৰ এটা বৃহৎ দল আৰু বহু সংখ্যক সাধাৰণ নগা লোক। এই খবৰ লাভ কৰি মগ্ৰৈ গাঁৱৰ শতাধিক পুৰুষ মহিলা ওলাই আহি নগা দলটোক ঘেৰাও কৰে। আনহাতে অসম চৰকাৰৰ তৰফৰ পৰা ঘটনাস্থলীত উপস্থিত হয় তিতাবৰৰ মহকুমাধিপতি,দণ্ডাধীশ বিশ্বজীৎ বৰা তথা মৰিয়নিৰ আৰক্ষীৰ এটা দল।অসমৰ প্ৰশাসনৰ সন্মুখত নগালেণ্ডৰ চেয়াৰমেন বস্তিৰ চেয়াৰমন সহিতে প্ৰশাসনৰ দলটোৱে উক্ত ভূমিত কোনোপধ্যেই শ্মশান বনাবলৈ দিয়া নহ'ব বুলি হুমকি প্ৰদান কৰাত নগা দলটোক মগ্ৰৈ গাৱঁৰ পুৰুষ মহিলাসকলে অসমৰ ভূমিত কিয় বাধা দিব আহিছে বুলি উভটি ধৰাৰ লগতে এই মাটি আমাৰ বুলি দাবী কৰি হুলস্থল কৰাত নগা দলটো ছত্ৰভংগ দিবলৈ বাধ্য হয়।
কিন্তু অসমৰ ভূমিতে নগাই অসম চৰকাৰৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ হুমকি দিয়া পাছতো অসমৰ প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰাত মগৈ গাওঁবাসী অসমৰ প্ৰশাসনৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে পূৰ্বতেওঁ অসমৰ মাটিত নগাই বি অ পি নিমাৰ্ণত বাধা দিছিল।মনকৰিবগীয়া যে, অসমৰ মগ্ৰৈ গাঁৱত নগাৰ ভাবুকিৰ বাবেই নিৰ্মাণ নহ'ল ২০১৯ চনত স্থাপন কৰিবলৈ লোৱা মগ্ৰৈ বি অ পি।
আজি ইয়াৰে সুযোগ লৈ অগ্ৰাসী নগাই যুক্তি প্ৰদৰ্শন কৰে যে মগ্ৰৈ অসমৰ মাটি যদি অসমৰ প্ৰশাসনে কিয় নিৰ্মাণ কৰিবলৈ সক্ষম নহল বি অ পি।সুযোগসন্ধানী নগাই পৰিকল্পিতভাবে অসমৰ মাটি নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে নগাৰ ভাবুকিত নিৰ্মাণ নোহোৱা বিঅপি টোৱেই ইয়াৰ প্ৰমান। এই ঘটনাৰ পিছতে মগ্ৰৈ গাওঁ বাসীয়ে সীমান্তত নগাৰ বিৰুদ্ধে আজিৰ পৰা অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি নগা লোকৰ যাতায়ত বন্ধ কৰি দিয়া লগতে অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাৰ হুংকাৰ দিছে।
Comments