গুৱাহাটী,৫ জুলাই:ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে। মঙলবাৰে টুইটাৰে ভাৰত চৰকাৰৰ ২০২১ চনৰ আদেশৰ বিৰুদ্ধে আদালতত আবেদন কৰে। যোৱা বছৰ, কেন্দ্ৰীয় চৰকাৰে টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামক কিছু সমল আঁতৰাবলৈ কৈছিল। ইয়াৰে কিছুমান পোষ্ট কৰ'না ভাইৰাছ সংক্ৰমণৰ সৈতেও সম্পৰ্কিত আছিল। বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰা আৰু বিনোদ কাপৰিৰ কিছুমান প'ষ্ট কেন্দ্ৰীয় চৰকাৰে আঁতৰাবলৈ নিৰ্দেশ দিছিল টুইটাৰক।
যোৱা বছৰ জানুৱাৰী আৰু এপ্ৰিলত চৰকাৰে এই সংক্ৰান্তত এক জাননী জাৰি কৰিছিল। একে সময়তে, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কয় যে যদি এই টুইটবোৰ বিলোপ কৰা নহয়, তেন্তে টুইটাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰে কৈছিল যে আদেশ উলংঘা কৰাৰ বাবে টুইটাৰৰ মুখ্য অনুপালন বিষয়াৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা লোৱা হ'ব। এই আদেশসমূহক প্ৰত্যাহ্বান জনাই টুইটাৰে এতিয়া কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। প্ৰতিষ্ঠানটোৱে কৈছে যে সমল অৱৰোধ কৰাৰ আদেশ আইটি আইনৰ ধাৰা ৬৯ এ তকৈ পৃথক।
Comments