গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাই ঃ কভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যখনত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ৷ ইতিমধ্যে উজিনৰ পৰা নামনিলৈকে বিভিন্ন স্থানত এনকেফেলাইটিছত আক্ৰান্ত হৈ শতাধিক লোক চিকিৎসাধীন হৈ থকাৰ কথা পোহৰলৈ আনিছে৷
আনকি আজিৰ তাৰিখত গুৱহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলতে এনকেফেলাইটিছত মুঠ ৬২জন লোক চিকিৎসাধীন হৈ আছে৷ চিকিৎসাধীন উক্ত ৬২জন লোকৰ ভিতৰত জ্ঝজন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে৷ ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যুও ঘটিছে৷ বাকীকেইজন সম্প্ৰতি আই চি ইউত চিকিৎসাধীন হৈ আছে৷
আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলৰ অধ্যক্ষ ডাঃ অচ্যুত কুমাৰ বৈশ্যই কয় যে বানৰ পাছতে ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷
প্ৰথম অৱস্থাতে এই ৰোগত আক্ৰান্ত ৰোগীয়ে চিকিৎসা লাভ কৰিলে সুস্থ হৈ উঠে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে প্ৰকৃতাৰ্থত জাপানীজ এনকেফেলাইটিছৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই৷ নগাঁও, দৰং, বৰপেটা আদি জিলাত এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে বৈশ্যই৷
মন কৰিবলগীয়া যে যোৱা পাঁচ বছৰত ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ ছীণ্ড্ৰমত মুঠ ৰ,৩২৩জন লোকৰ মৃত্যু হৈছে৷
দ্ৰুতগতিত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ ঃ উদ্বেগজনকভাৱে ৰাজ্যখনত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ৷ যোৱা পাঁচ দিনতে ৰাজ্যখনত ৬৩৩জন লোক কভিডত আক্ৰান্ত হৈছে৷ সৰ্বাধিক লোক আক্ৰান্ত হৈছে কালিৰ দিনটোত৷
কালি ৰাজ্যখনত আক্ৰান্ত হৈছে মুঠ ২১০জন লোক৷ ইয়াৰ লগে লগে অসমক কভিডৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পাই হৈছেগৈ ১০.১৪ শতাংশ৷ অথচ আজিৰ পৰা পোন্ধৰ দিনৰ পূৰ্বে ৰাজ্যখনত কভিডৰ সংক্ৰমণৰ হাৰ দুই শতাংশৰ ভিতৰত আছিল৷ এনে পৰিস্থিতিত হঠাতে ৰাজ্যখনত কভিডত আক্ৰান্ত লোকৰ সংখ্যা এনেদৰে দ্ৰুত গতিত বৃদ্ধি পোৱাত সকলো উদ্বিগ্ন হৈ পৰিছে৷
উল্লেখযোগ্য যে ৰাজ্যখনৰ ভিতৰতে সকলোতকৈ অধিক লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত৷ যোৱা দুটা দিনত কামৰূপ মহানগৰ জিলাত মুঠ ১৮৮জন লোক কভিডত আক্ৰান্ত হৈছে৷ আনহাতে কামৰূপ [গ্ৰাম্য] জিলাত যোৱা যোৱা দুদিনত ৫০জন লোক আক্ৰান্ত হৈছে৷ মুঠতে আজিৰ তাৰিখত ৰাজ্যখনত কভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৮১০লৈ বৃদ্ধি পাইছে৷ প্ৰতিদিনেই এনেদৰে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ আনকি স্বাস্থ্য িবভাগো উদ্বিগ্ন হৈ পৰিছে৷
নগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু ঃ নগাঁৱৰ নিজা প্ৰতিবেদক ঃ নগাঁও জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱে অতি জটিল ৰূপ ধাৰণ কৰিছে৷ আজি পৰ্যন্ত জিলাখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা সাতগৰাকীলৈ বৃদ্ধি পাইছে৷ আক্ৰান্তসকলৰ ভিতৰতে দুগৰাকী ৰোগীৰ কালিৰ দিনটোৰ ভিতৰতে চিকিৎসালয়ত মৃত্যু হৈছে৷
জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ জিলাখনত মৃত্যু হোৱা লোক দুজন হ’ল বুঢ়াগোহাঁই থান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত খুটিকটীয়াৰ সদানন্দ বৰুৱা [৬৪] আৰু দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত দগাঁৱৰ হামিদুল ইছলাম [৪৮]৷ দুয়োগৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল৷
স্মৰ্তব্য যে, শেহতীয়াকৈ বানে ধোৱা নগাঁও জিলাত ভয়ংকৰ ৰূপত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ৷
নগাঁও জিলা মেলেৰিয়া বিভাগৰ তথ্য অনুসৰি, যোৱা জুন মাহৰ পৰা চলিত মাহ পৰ্যন্ত জিলাখনত এটি ন বছৰীয়া শিশুসহ মুঠ সাতগৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে৷ এই ৰোগত আক্ৰান্ত হৈ বৰ্তমানেও গুৱাহাটীৰ বিভিন্ন চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে চাৰিগৰাকী লোক৷
এইবিধ ৰোগত আক্ৰান্ত হৈ বৰ্তমানেও অতি জটিল অৱস্থাত গুৱাহাটীৰ দিছপুৰ হস্পিটেলৰ আই চি ইউত চিকিৎসাধীন হৈ আছে কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কামপুৰ অমৰাৱতী গাঁৱৰ প্ৰবীণ বৰা [৫৮], গুৱাহাটীৰ এপল’ হস্পিটেলৰ আই চি ইউত চিকিৎসাধীন হৈ আছে বুঢ়াগোহঁাই থান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বেবেজীয়াৰ ক্ষীৰকান্ত শইকীয়া [৭০],
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ আই চি ইউত চিকিৎসাধীন হৈ আছে শিঙিমাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ভগামুখ গাঁৱৰ চাবেদা খাতুন [৬৫] আৰু বাৰপূজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত হাৰিয়ামুখৰ লক্ষীকান্ত নাথ [৫৮]৷
আনহাতে, জিলাখনৰ দগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শিঙিমাৰীৰ আকমল নামৰ শিশু এটিও জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল যদিও সম্প্ৰতি তেওঁ সুস্থ হোৱাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়
মাত্ৰ এটা মাহৰ ভিতৰতে জিলাখনৰ ভিন্ন ঠাইত সাতগৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা আৰু ইয়াৰে দুগৰাকী আক্ৰান্তৰ এটা দিনৰ ভিতৰতে মৃত্যু হোৱা ঘটনাই জিলাখনৰ ৰাইজক আতংকিত কৰি তুলিছে৷ ইপিনে, জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত জিলা মেলেৰিয়া বিভাগেও কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উঠিছে৷
Comments