গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাই ঃ অসমৰ খিলঞ্জীয়া কোন সেই লৈ বিতৰ্ক সৃষ্টি হৈ থকাৰ সময়তে দুই ধৰণৰ সংজ্ঞাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷
কালি কেবিনেটে মুছলমান-সকলৰ মাজৰে পৰা জাতি বা সম্প্ৰদায়ক অসমীয়া খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি দিয়াৰ পাছত আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া সম্পৰ্কত দুইধৰণৰ সূত্ৰৰ কথা আহিব পাৰে বুলি উল্লেখ কৰিছে৷ তেওঁ কয় যে সাংবিধানিক সুৰক্ষাৰ বাবে এটা সংজ্ঞা লাগিব পাৰে৷
ইয়াৰ বাবে আলাপ-আলোচনাৰ প্ৰয়োজন হ’ব৷ কিন্তু আৱেগিক বা সৰ্বজন গৃ.হীত খিলঞ্জীয়াৰ সংজ্ঞাতো সকলোৱে জানে৷ ড॰ শৰ্মাই কয় যে এক অংশৰ লোকক বাদ দিলে আমি সকলোৱে খিলঞ্জীয়া৷ আহোম, কছাৰী, মৰাণ, মটক, কলিতা আদি সকলোৱে খিলঞ্জীয়া অসমীয়া৷ খিলঞ্জীয়া কোন বুলি বিষয়টো জটিল কৰি থকা হৈছে৷
অসম বুৰঞ্জী পঢ়িলে এশ বছৰ আগতে ইয়াত কোন আছিল সেই কথা সকলোৱে গম পায়৷ আইনৰ দিশৰ বাবেহে সংজ্ঞাৰ প্ৰয়োজন৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই কথা সদৌ অসম ছাত্ৰ সন্থাক বিভিন্ন সময়ত জনোৱা হৈছে৷ এই সংজ্ঞাৰ বাবে পৰৱৰ্তী সময়ত আলাপ-আলোচনাৰ প্ৰয়োজন হ’ব৷
কালি কেবিনেটে মুছলমানসকলৰ মাজৰে পৰা কেইবাটাও সম্প্ৰদায় বা জাতিক অসমীয়া খিলঞ্জীয়া মুছলমান বুলি স্বীকৃতি দিয়াৰ পাছত আজি ড॰ শৰ্মাই কয় যে পাছৰ পদক্ষেপ হ’ব অসমীয়া খিলঞ্জীয়া মুছলমানসকলক চিনাক্ত কৰিবলৈ এটা লোক পিয়লৰ৷ তাৰ পাছত তেওঁলোকৰ আৰ্থ-সামজিক প্ৰয়োজন পূৰণৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব লাগিব৷
তেওঁ আৰু কয় যে বিভিন্ন সময়ত অসমলৈ যিসকলে প্ৰব্ৰজন কৰিছে তেওঁলোকক অভিভাষী মুছলমান বুলি কোৱা হয়৷ তেওঁলোকৰ বিপৰীতে অসমৰ মাটিত নিবিড়ভাৱে জড়িত হৈ মুছলমানসকলৰ কেইটামান সম্প্ৰদায় বা জাতিয়ে নিজা সাংস্কৃতিক পৰিচয় ৰক্ষাৰ বাবে দীঘলীয়া সংগ্ৰাম কৰি আহিছে৷ ৰাজ্য চৰকাৰে তেওঁলোকক অসমীয়া খিলঞ্জীয়া মুছলমান বুলি স্বীকৃতি দিছে৷
Comments