গুৱাহাটী, ৭ জুলাইঃ ৰাজকুমাৰ ৰাওক বলীউডৰ এজন প্ৰতিভাশালী অভিনেতা বুলি গণ্য কৰা হয়। তেওঁৰ এখন চলচ্চিত্ৰত থকাৰ অৰ্থ হৈছে যে দৰ্শকে এখন ভাল কাহিনীৰ চিনেমা চাবলৈ পাব। তেওঁৰ অভিনয়ৰ অনুৰাগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে।
কিন্তু ৰাজকুমাৰ অভিনয় জগতত যিমান ভাল তাতকৈ উৎকৃষ্ট এজন স্বামী হিচাপে, কিয়নো তেওঁ পত্নী পত্ৰলেখাক সকলো কামতো সহায় কৰে। সেয়া লগা হ'লে বাচন ধোৱাই হওক নাইবা ঘৰ ঝাড়ু দিয়া।
ৰাজকুমাৰ আৰু পত্ৰলেখাই যোৱা বছৰ অৰ্থাৎ ২০২১ চনৰ ১৫ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল। এই দম্পতীহাল বিগত ১১ বছৰ ধৰি সম্পৰ্কত আছিল আৰু সুদীর্ঘ সময়ৰ পিছতহে, দম্পতীহালে বিবাহ পাশত আৱদ্ধ হোৱা এই সম্পৰ্কক এটা স্থায়ী নাম দিয়াৰ সিদ্ধান্ত লৈছিল। ৰাজকুমাৰ আৰু পত্ৰলেখাৰ চণ্ডিগড়ত বিবাহ সম্পন্ন হৈছিল।
এই বিয়াখনৰ সকলোবোৰ বস্তু সপোনৰ দৰে আছিল। বিয়াৰ ছবিবোৰ চাই বুজিব পৰা যায় যে ৰাজকুমাৰ আৰু পত্ৰলেখাৰ মাজত গভীৰ প্ৰেম আছিল। সেয়েহে ৰাজকুমাৰ কামত যিমানেই ব্যস্ত নহওক, কিন্তু পত্ৰলেখাক ঘৰুৱা কামত সহায় কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকে।
শেহতীয়াকৈ ৰাজকুমাৰ ৰাওক সোধা হৈছিল যে, "আপোনাৰ পত্নীৰ সৈতে কামৰ দায়িত্ব ভাগ বতৰা কৰে নেকি আৰু ঘৰুৱা কামত সহায় কৰে নেকি! তেতিয়া অভিনেতাজনে প্ৰকাশ কৰিছিল যে, "মই মোৰ পত্নীক ঘৰুৱা কাম-কাজত কৰাত সহায় কৰো। মই সকলোবোৰ বস্তু পৰিপাটিকৈ ৰাখিবলৈ পছন্দ কৰোঁ।"
ৰাজকুমাৰে আৰু কৈছিল যে, "মই বাচন ধুই দিয়াৰ লগতে, মজিয়াখন ঝাড়ু মাৰিবলৈ বহুত ভাল পাওঁ। মই ল'ৰালিকালতো মোৰ মাক বিভিন্ন কামত সহায় কৰিছিলো আৰু এনেদৰে মই এই কামবোৰ কৰিবলৈ আগ্ৰহী হৈ পৰিছিলো।"
Comments