গুৱাহাটী,৭ জুলাই: মহেন্দ্ৰ সিং ধোনী, ভাৰতীয় ক্ৰিকেট জগতৰ এটি চিৰস্মৰণীয় এটি লেখত ল'বলগীয়া ব্যক্তিত্ব। ধোনীয়ে ১৬ বছৰ ধৰি ভাৰতৰ হৈ ক্রিকেট খেলিছিল আৰু সেই সময়ছোৱাত ভাৰতৰ হৈ যথেষ্ট অৰিহণা আগবঢ়াইছিল আৰু মনে বিচৰা সকলোখিনিয়ে অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ধোনীয়ে তেওঁৰ খেল আৰু অধিনায়কত্বৰ এক পৰিমাপ নিৰ্ধাৰণ কৰিছিল যিটো বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰসকলে আজি নিৰ্ধাৰণ কৰে। ধোনী হৈছে ভাৰতৰ অন্যতম এজন সফল অধিনায়ক, যিয়ে ভাৰতক ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীকে ধৰি সকলো গুৰুত্বপূৰ্ণ আইচিচি খিতাপ ভাৰতৰ হৈ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ধোনীয়ে চেন্নাই চুপাৰ কিংছৰ হৈ তিনিবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খিতাপ অৰ্জন কৰিছে।
আজি এই মহান ক্ৰিকেটাৰ গৰাকীৰ ৪১ তম জন্মদিন উপলক্ষে সকলো অনুৰাগী যথেষ্ট আনন্দিত হৈ পৰিছে। ধোনীৰ জন্ম ১৯৮১ চনৰ ৭ জুলাইত ঝাৰখণ্ডৰ ৰাঁচীত হৈছিল। যদিও তেওঁৰ পিতৃ-মাতৃ উত্তৰাখণ্ডৰ, ধোনীয়ে তেওঁৰ গোটেই শৈশৱ ৰাঁচীত অতিবাহিত কৰিছিল। ধোনী ক্ৰীড়াক্ষেত্ৰত বহুত ভাল আছিল যাৰ বাবে তেওঁ সোনকালেই বিদ্যালয়ৰ ক্ৰিকেট প্ৰশিক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু দলৰ উইকেটকিপাৰ হিচাপে নিৰ্বাচিত হৈছিল। ধোনীয়ে ক্ৰিকেটৰ দক্ষতা আয়ত্ব কৰিছিল, আৰু স্থানীয় টুৰ্ণামেণ্ট মেচবোৰত ধোনীয়ে নিজৰ বেটিঙৰ পাৰদৰ্শিতা দেখুৱাইছিল। তাৰ পৰৱৰ্তী সময়ত ১৯৯৭-৯৮ বৰ্ষত বীনু মাকান্দ ট্ৰফী অনুৰ্ধ-১৬ ত ধোনীক নিৰ্বাচিত কৰা হৈছিল।
এটা সময় আহিছিল যেতিয়া তেওঁ খাৰপুৰ ৰেল ষ্টেচনত টিকট কালেক্টৰ হিচাপে চাকৰি কৰিবলগীয়া হৈছিল আৰু পিছত চাকৰি আৰু ক্ৰিকেটৰ মাজত কোনোবা এটা বাছনি কৰিবলৈ বাধ্য হোৱাত ধোনীয়ে ক্ৰিকেট খেলিবলৈ সিদ্ধান্ত কৰিছিল। তেওঁ দেওধৰ ট্ৰফী আৰু বিহাৰৰ হৈ কিছুমান প্ৰথম শ্ৰেণী আৰু লিষ্ট এ মেচ খেলিছিল। অৱশ্যে, ২০০০ চনত ৰাজ্য বিভাজনৰ পিছত, তেওঁ ঝাৰখণ্ডৰ হৈ খেলিবলৈ আৰম্ভ কৰে। ধোনীয়ে ঘৰুৱা খেলৰ সৈতে ভাৰত-এ ৰ হৈ খেলিবলৈ সুযোগ পাইছিল আৰু সেই সময়ৰ অধিনায়ক সৌৰভ গাংগুলীৰ দৃষ্টি আকর্ষণ কৰাত ধোনীক ২০০৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ ৰাষ্ট্ৰীয় দলত খেলিবলৈ সুযোগ প্ৰদান কৰা হৈছিল। কিন্তু ধোনীয়ে তেওঁৰ প্ৰথম খেলখনত ৰাণৰ স্ক'ৰ গঢ়াত বিফল হৈছিল।
ধোনীয়ে ২০০৪ চনৰ ২৩ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলত আত্মপ্ৰকাশ কৰাৰ সুযোগ পাইছিল। উক্ত ভাৰতীয় দলটোত শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ, ৰাহুল দ্ৰাবিড় আৰু যুৱৰাজৰ দৰে তাৰকা ক্ৰিকেটাৰ অন্তৰ্ভুক্ত আছিল। ৰাঁচীৰ দৰে এখন সৰু চহৰৰত থকা ধোনীয়ে যথেষ্ট পৰিশ্ৰমৰ পিছত টীম ইণ্ডিয়াত প্ৰৱেশ কৰিছিল কিন্তু মেচখনত ধোনীয়ে আশানুৰূপ ফলাফল দেখুৱাব পৰা নাছিল।
২০০৭ চনত টি-টুৱেন্টিত ভাৰতীয় দলৰ অধিনায়ক:
২০০৭ চনৰ টি-২০ বিশ্বকাপ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈছিল। ভাৰতীয় দলটোৰ সেই সময়খিনি অন্ধকাৰময় হৈ পৰিছিল, কিয়নো লীগ পৰ্যায়ত বাংলাদেশৰ দৰে দলৰ হাতত পৰাস্ত হোৱাৰ পিছত তাৰকা ক্ৰিকেটাৰ থকা দলটোৱে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ যাবলগীয়া হৈছিল। ২০০৭ চনৰ টি-২০ বিশ্বকাপ প্ৰথমে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱাৰ কথা আছিল, আৰু বিচিচিআইয়ে উক্ত খেলখনৰ বাবে এটা যুৱদল পঠিওৱাৰ সিন্ধান্ত লৈছিল, সেয়েহে ধোনীক টি-২০ বিশ্বকাপৰ বাবে দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল।
যদিও এই সিদ্ধান্তত বহুতো জ্যেষ্ঠ খেলুৱৈ অসন্তুষ্ট হৈছিল, কিন্তু তেওঁলোকে কেতিয়াও মুকলিকৈ অসন্তুষ্টিৰ কথা ক'ব নোৱাৰিলে। ইফালে, টি-২০ বিশ্বকাপত ধোনীৰ নেতৃত্বত দলটোৱে এখনৰ পিছত এখন খেলত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। ফাইনেল খেলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল, আৰু ভাৰতে নিম্ন স্ক'ৰিঙৰ ফাইনেলত এক ৰোমাঞ্চকৰ জয় লাভ কৰি টি-২০ বিশ্বকাপৰ খিতাপ অৰ্জন কৰিছিল ইয়াৰ লগে লগে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে ধোনীৰ নাম প্ৰতিধ্বনিত হয়। ধোনীয়ে টি-২০ৰ পিছত এদিনীয়া ক্ৰিকেট খেলৰ বাবেও দলৰ অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিছিল।
ইফালে, গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে প্ৰাক্তন খেলুৱৈসকলে এদিনীয়া খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ২০১১ চনত ভাৰতত বিশ্বকাপ অনুষ্ঠিত হৈছিল। ঘৰুৱা স্থানত বিশ্বকাপৰ খিতাপ অৰ্জন কৰাটো ভাৰতৰ বাবে এটা ভাল সুযোগ আছিল। ধোনীয়ে ২০০৭ চনৰ বিশ্বকাপৰ পৰা প্ৰমাণ কৰিছিল যে তেওঁ এজন ভাল নেতৃত্ব দিব পৰা অধিনায়ক আছিল। ধোনীয়ে নিজৰ অধিনায়কত্বৰ দক্ষতা দেখুৱাই এদিনীয়া বিশ্বকাপ জিকাৰ সুযোগ আছিল। এই বিশ্বকাপ ভাৰতৰ বাবে বহুত বিশেষ আছিল। কিয়নো দলৰ খেলুৱৈসকলে কেৱল দেশৰ বাবেই নহয়, ক্ৰিকেটৰ ঈশ্বৰ বুলি কোৱা মহান শচীন তেণ্ডুলকাৰৰ বাবেও এই ট্ৰফী জিকিব বিচাৰিছিল। আনকি এই দুটা বিশ্বকাপ জিকাৰ পাছতো, ধোনীয়ে তেওঁৰ অধিনায়কত্বত ভাৰতলৈ আন কেইবাটাও ট্ৰফী জিকিছিল, যাৰ ভিতৰত আছিল ২০১৩ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী। ধোনী এনেদৰে তেওঁৰ অধিনায়কত্বত আইচিচিৰ সকলো গুৰুত্বপূৰ্ণ খিতাপ জয় কৰা ভাৰতৰ একমাত্ৰ অধিনায়ক হৈ পৰিছিল।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেম্পিয়নৰ পৰা বিতৰ্কলৈ ধোনী:
ধোনীৰ অধিনায়কত্বত টি-২০ বিশ্বকাপ জিকাৰ এবছৰ পিছত ভাৰতত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰম্ভ হৈছিল। ধোনীক লীগত চেন্নাই চুপাৰ কিংছ দলে ক্ৰয় কৰিছিল আৰু ধোনী প্ৰথম শৃংখলাত আটাইতকৈ ব্যয়বহুল খেলুৱৈসকলৰ মাজৰ এজন আছিল বুলি কোৱা হয়। ধোনীক চেন্নাই চুপাৰ কিংছ দলৰ অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছিল আৰু লীগ ২০১০ ৰ তৃতীয় শৃংখলাত দলটো চেম্পিয়ন হৈছিল। ধোনীয়ে চেন্নাই চুপাৰ কিংছক চেম্পিয়ন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। লগতে, ২০১১ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে, দলটোৱে খিতাপ দখল কৰিছিল।
পৰৱৰ্তী শৃংখলাসমূহত, চেন্নাই চুপাৰ কিংছ দলটোৱে কেইবাবাৰো ফাইনেলত উপনীত হৈছিল কিন্তু জিকিব নোৱাৰিলে কিন্তু ২০১৬ চনত স্পট ফিক্সিং গোচৰত শৃংখলাৰ পৰা নিষিদ্ধ হোৱাৰ সময়ত চেম্পিয়ন দল চেন্নাই চুপাৰ কিংছ আৰু ধোনী হতবাক হৈ পৰিছিল। লীগৰ চেম্পিয়ন দলৰ বিৰুদ্ধে এনে অভিযোগ ভাৰতীয় ক্ৰিকেটৰ বাবে এক মিথ্যাচাৰতকৈ কম নাছিল। ইয়াৰ লগে লগে, ধোনীলৈও সকলোৱে আঙুলি তুলিবলৈ আৰম্ভ কৰিছিল কিন্তু তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ প্ৰমাণিত হোৱা নাছিল। অৱশ্যে ধোনী এই বিতৰ্কৰ দ্বাৰা মানসিকভাৱে ভাঙি পৰিছিল। চেন্নাই চুপাৰ কিংছ দলটো পুনৰ ২০১৮ চনত লীগলৈ উভতি আহিছিল আৰু আকৌ এবাৰ ধোনীৰ অধিনায়কত্বত আই পি এল খিতাপ জয় কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়ন হৈছিল।
গান গুনগুনাই ক্ৰিকেট জগতৰ পৰা মাগিলে বিদায়:
এটা দশকৰো অধিক সময় ধৰি ভাৰতীয় দলৰ হৈ খেলা ধোনীয়ে ২০২০ চনৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিন্ধান্ত গ্রহণ কৰে।অৱশ্যে, তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেল অব্যাহত ৰাখিছে। ধোনীয়ে ৯০ খন টেষ্ট, ৩৫০ খন এদিনীয়া আৰু ৯৮ খন টি-২০ খেলত ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিছিল। টেষ্ট ক্ৰিকেটত তেওঁ ৩৩ টা অৰ্ধশতক আৰু ৬ টা শতক সহ ৪,৮৭৬ ৰাণ সংগ্ৰহ কৰিছিল। ধোনীয়ে টি-২০ত ৭৩ টা অৰ্ধশতক আৰু ১০ টা শতকৰ সৈতে ১,৬১৭ ৰাণ সংগ্ৰহ কৰে।
Comments