গুৱাহাটী, ৭ জুলাইঃকঠোৰ নিষেধাজ্ঞাৰ বাবে দেশত সামগ্ৰিকভাৱে ক’ভিডৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছিল।কিন্তু মাৰাত্মক ভাইৰাছ এতিয়াও নাইকিয়া হোৱা নাই।দেশত পুনৰ নতুনকৈ ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।শেহতীয়াকৈ অসমতো বিগত ২৪ঘন্টাত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।বুধবাৰৰ দিনটোত ৰাজ্যত ১৯৬জন লোক ক’ভিডত আক্রান্ত হৈছে।
বুধবাৰৰ দিনটোত ক’ভিড পজিটিভিটী ৰেট ১১.১৫ শতাংশ।কামৰূপ মহানগৰ জিলাত ৭৪জন লোক আক্রান্ত হৈছে।ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে প্ৰতিখন ৰাজ্যতে ক’ভিডৰ পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদানত গুৰুত্ব দিছে।
দেশত ক’ভিডৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে এক নতুন নিৰ্দেশনা জাৰি কৰে।এই নিৰ্দেশনাৰ ভিত্তিত ক'ভিডৰ দ্বিতীয় পালি ভেকচিন আৰু বুষ্টাৰ ড’জৰ মাজত ব্যাৱধান হ্ৰাস কৰা হৈছে।এই ব্যৱধান ৬ মাহলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।পূৰ্বতে ইয়াৰ ব্যৱধান আছিল ৯ মাহ।
Comments