গুৱাহাটী,৭ জুলাই: বিহপুৰীয়া সমষ্টিৰ পৰা চাৰিবাৰ নিৰ্দলীয় প্রার্থী হিচাপে বিধানসভালৈ নিৰ্বাচন হোৱা প্ৰাক্তন বিধায়ক তথা প্রাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা অসুস্থ। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হস্পিতেলত ভৰ্তি কৰোৱা হৈছে নবৈ উৰ্দ্ধৰ বৰ্ষীয়ান আদর্শবান ৰাজনীতিবিদ গৰাকীক। বাৰ্দ্ধক্য জনিত ৰোগত আক্ৰান্ত ৰাজনীতিবিদ গৰাকীক যোৱা ২ জুলাইতে চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল। সম্প্ৰতি তেওঁ চিকিৎসাধীন হৈ থকা ৰাজনীতিবিদ গৰাকীৰ শুকুৰবাৰে এক অস্ত্ৰোপ্ৰচাৰো হ'ব ৷
উল্লেখযোগ্য যে ১৯৬৭, ১৯৭২, ১৯৭৮ আৰু ২০০১ চনৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিহপুৰীয়া সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল এইগৰাকী ৰাজনীতিবিদ। ১৯৭৮ পৰা ১৯৭৯ চনৰ লৈকে মুখ্যমন্ত্ৰী যোগেন হাজৰিকাৰ মন্ত্ৰী সভাত ৰাজ্যৰ শিক্ষা মন্ত্রী ৰূপে সেৱা আগবঢ়াইছিল প্ৰেমধৰ বৰাই৷ ৰাজনীতিবিদ গৰাকীয়ে চিকিৎসালয়ৰ বিছনাৰ পৰাই কৈ গ’ল বৰ্ত্তমান ৰাজ্যৰ ৰাজনীতি বহু কথা, মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত আগবঢ়ালে বহু মন্তব্য।অতি সাহস, ধৈর্য সততাৰে কৰ্ম কৰিবলৈ উপদেশ প্রদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যই দেশৰ ভিতৰতে অন্যতম স্থান লাভ কৰিব বুলি তেওঁ আশাবাদী। ইফালে এবাৰ মুখ্য মন্ত্ৰীক দেখা কৰাৰো তেওঁ ইচ্ছা প্রকাশ কৰিলে সংবাদ মাধ্যমৰ আগত। আনহাতে ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে আস্থা হস্পিতেলত উপস্থিত হৈ বর্ষিয়ান ৰাজনীতিবিদ গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক সকলৰ লগত মত বিনিময় কৰে।
Comments